চিৰাঙৰ কাজলগাঁৱত বোমাতংকঃ পৰিত্যক্ত টোপোলাত ওলাল বালি আৰু এঙাৰ
৬ ঘন্টীয়া উৎকণ্ঠাৰ অন্তত গুৱাহাটীৰ পৰা অহা বোমা বিশেষজ্ঞই টোপোলাত বালি আৰু এঙাৰ থকাতো নিশ্চিত কৰে
নিয়মীয়া বাৰ্তা, ৩০ মেঃ চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি পুৱাৰ ভাগতে বোমাতংকৰ ফলত এক শ্বাসৰুদ্ধ পৰিস্থিতিৰ সৃষ্টি হয়। জিলা সদৰৰ প্ৰাণকেন্দ্ৰ তথা কাজলগাঁও-বেংতল গঢ়কাপ্তানি পথৰ দাঁতিত থকা গাঁওবুঢ়া ভৱনৰ সমিপত উত্তৰ দিশৰ মূলপথ আৰু উপ পথ সংযোগস্থলীত হেণ্ড গ্ৰেনেড বুলি লিখা এটা পৰিত্যক্ত টোপোলা উদ্ধাৰ হোৱাৰ ফলতে তীব্ৰ চাঞ্চল্যৰকৰ পৰিৱেশৰ সৃষ্টি হয়।
পুৱা প্ৰায় ৭:৩০ বজাত বাটৰুৱাই সন্দেহযুক্ত টোপোলাটো দেখি স্থানীয় আৰক্ষীক খবৰ দিয়ে। খবৰটো পোৱা মাত্ৰেই ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিত দাস,চিৰাং আৰক্ষীৰ অতিৰিক্ত অধীক্ষক প্ৰকাশ মেধি,জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায় ঘটনাস্থলত উপস্থিত হৈ মূল পথটো সৰ্বসাধাৰণ ৰাইজ আৰু যানবাহানৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। চিৰাং জিলাৰ বিশেষ শাখাৰ আৰক্ষীবাহিনী ঘটনাস্থলত উপস্থিত হৈ সন্দেহযুক্ত গ্ৰেনেড থকা বুলি লিখি লেবেল লগাই ৰখা টোপোলাটো অত্যাধুনিক মেটেল ডিটেক্টৰৰ সহায়ত পৰীক্ষা কৰে।
মেটেল ডিটেক্টৰ যন্ত্ৰত বিশেষ কোনো সংকেত লাভ কৰিবলৈ সক্ষম নহ’ল যদিও চিৰাং আৰক্ষীয়ে নিজাববীয়াকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰা বিৰত থাকে আৰু সন্দেহযুক্ত বোমাৰ টোপোলাটো ব’ম ব্লেংকেট,বালিৰ বস্তা আদিৰ সহায়ত ঢাকি ৰাখে।
ইতিমধ্যে জিলা আৰক্ষীয়ে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত থকা বোমা বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰে আৰু বিয়লি প্ৰায় ১ বজাত বোমা বিশেষজ্ঞৰ দল আহি কাজলগাঁৱৰ ঘটনাস্থলত উপস্থিত হয়। বোমা বিশেষজ্ঞৰ দলে সন্দেহযুক্ত টোপোলাটো উদ্ধাৰ হোৱা স্থানৰ পৰা ব’ম ব্লেংকেটৰে ঢাকি গাড়ী এখনত তুলি চিৰাং আৰক্ষী ৰিজাৰ্ভৰ খেল পথাৰলৈ নিয়ে। প্ৰায় ১:২০ বজাত পূণঃ পৰীক্ষাৰ ব্যৱস্থা কৰে। বিশেষজ্ঞ সকলে টোপোলাটো ভালদৰে পৰীক্ষ কৰি তাত গ্ৰেনেড অথবা বোমা জাতীয় একো নথকাতো নিশ্চিত কৰে। পাছত টোপোলাটো খুলি ভিতৰত এঙাৰ আৰু বালি থকা বুলি নিশ্চিত কৰি স্থানীয় একাংশ লোক আৰু সংবাদ মাধ্যমৰ আগত এঙাৰ আৰু বালি খিনি প্ৰত্যক্ষ কৰায়।
৬ ঘন্টা যোৰা উৎকণ্ঠা ওৰ পৰাৰ পাছত চিৰাং জিলা আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে আজিৰ এই কাণ্ডৰ সৈতে জড়িত সকলক বিচাৰি উলিয়াই আইন মতে উপায়ুক্ত শাস্তি প্ৰদান কৰা হ’ব। লগতে আজিৰ এই কাণ্ডৰ আৰত নিহিত হৈ থকা প্ৰকৃত কাৰণ তথা উদ্দেশ্যে উদ্ঘাটন কৰিবলৈ চিৰাং আৰক্ষীয়ে এই মুহূৰ্তৰ পৰাই অনুসন্ধান আৰম্ভ কৰি দিছে বুলিও কয়।।