কাৰ্বি লাংপী জলবিদ্যুৎ প্ৰকল্পই এৰিলে পানী; বৰপানী নদীৰ বাঢ়নী পানীয়ে বুৰালে বিস্তৃত অঞ্চল
নিয়মীয়া বাৰ্তা, ২৮ জুনঃ বছৰৰ দ্বিতীয়টো বানে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে নগাওঁ জিলাৰ কচুৱা-কামপুৰ অঞ্চলত ৷ কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই সাত খনকৈ গেটৰে পানী এৰি দিয়াত পুনৰ উফন্দি উঠিছে বৰপানী নৈ ৷ এমাহৰ পূৰ্বে বৰপানী নদীৰ বাঢ়নী পানীয়ে ভাঙি নিয়া মাধৱপাৰাৰ মথাউৰীৰ অংশইদি পানী সোমাই বিভিন্ন অঞ্চল বুৰাই পেলাইছে ৷ বৰপানী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে লংজাপ, জুৰিপাৰ, মাধৱপাৰা, কচুৱাকে ধৰি বহুকেইখন গাঁও ৷
ইফালে কপিলী নৈৰ বাঢ়নী পানী ভগ্ন মাথাউৰিয়ে সোমাই বকুলগুৰি, নলাপাৰ, পটিয়াপামকে ধৰি বিভিন্ন অঞ্চল প্লাৱিত কৰিছে ৷ কামপুৰ যমুনামুখ সংযোগী গড়কাপ্টানি পথৰ ওপৰেদি পানী বাগৰিছে ৷ আনহাতে ভগ্ন মাথাউৰী সমূহ মেৰামতি নকৰাৰ ফলতেই বিগত বানত কৃষকৰ সপোন চুৰমাৰ কৰাৰ পাছত পুনৰ ন ন অঞ্চল বানৰ কৱলত পৰিছে ৷ মাধৱপাৰা লংজাপৰ সংযোগী গড়কাপ্তানী পথৰ ওপৰেদি পানী বাগৰিছে ৷ কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰাৰ ফলতেই কামপুৰত পুনৰ বৰপানী নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে।
আনহাতে কপিলী নৈৰ বাঢ়নী পানীয়ে কামপুৰৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে৷ বছৰটোৰ দ্বিতীয় বানত কামপুৰ কচুৱাকে ধৰি বিভিন্ন অঞ্চলৰ খেতি পথাৰৰ বিস্তৰ ক্ষতি সাধন হৈছে। ইপিনে নগাওঁ জিলাৰ ভূৰবন্ধা বগামুখ বৰঘুলি আদি অঞ্চলত বান পৰিস্থিতি আজিও জটিল হৈ আছে। ন ন অঞ্চললৈ পানী সোমাই অহাত বহু লোকে নিৰাপদ স্থানত আশ্ৰয় লব লগা হৈছে। বুঢ়াচাপৰি আৰু লাওখোৱা অভয়াৰণ্যত বান পৰিস্থিতি আজিও অপৰিবৰ্তিত হৈ আছে। কপিলী নদীৰ পানী কামপুৰত বিপদসীমাৰ ওপৰে বৈ থকা বিপৰীতে জিলাখনৰ কলং , হাৰিয়া, নিশাৰী আদি নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে ।