নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১ মেঃদক্ষিণ যোৰহাটৰ স্ত্ৰী শিক্ষাৰ অন্যতম অগ্ৰনী শিক্ষানুষ্ঠান কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস যোৱা ২৯ এপ্ৰিলত দিনযোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয়৷ এই উপলক্ষে পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ অৰূপ কুমাৰ নাথে৷ স্থানীয় ভালে সংখ্যক গণ্যমান্য ব্যক্তি, প্ৰাক্তন শিক্ষক কৰ্মচাৰী, অভিভাৱক অভিভাৱিকা, বৰ্তমানৰ শিক্ষক কৰ্মচাৰীৰ সহযোগত স্মৃতি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ গৃহদাতা পৰিয়ালৰ দীপ্তিময়ী গোস্বামীয়ে৷ মূল সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি ললিত শইকীয়াদেৱে৷ বিদ্যালয়ৰ ছাত্ৰী আৰু শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰা বিদ্যালয়ৰ সংগীতেৰে আৰম্ভ কৰা সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে কৰঙা কাথবাপু সত্ৰৰ সত্ৰাধিকাৰ তথা যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰভাত চন্দ্ৰ মহন্ত৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি সুৰেশ বৰুৱা৷ ইয়াতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা বসন্ত সংখ্যা প্ৰাচীৰ পত্ৰিকা “স্বাগত“ উন্মোচন কৰে বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তাৰানাথ শইকীয়াই৷ উল্লেখযোগ্য যে প্ৰতিষ্ঠা দিৱসৰ দিনটোতে বিদ্যালয়ৰ সংগীত এটাও আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰা হয়৷ গীতটোৰ কথা ডিব্ৰুগড় জিলাৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ৰাজগড় শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সমাজ সংগঠক, শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চেলেংদেৱৰ, সুৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰসেনজিত লাহনৰ৷ সভাৰ প্ৰাকমুহূৰ্তত ডিম্বেশ্বৰ চেলেংদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে চেলেং দেৱৰ সহধৰ্মিনী দিপ্তী কোঁৱৰ চেলেং মহোদয়াই৷ শিক্ষয়িত্ৰী চিন্ময়ী গগৈয়ে আঁতধৰা সভাত ছাত্ৰী অলিম্পিকা বৰা, প্ৰিন্সিপ্ৰিয়া শৰ্মা, কাশ্মিৰী নেওগ, শিক্ষয়িত্ৰী চিন্ময়ী গগৈয়ে গীত পৰিৱেশন কৰে আৰু দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলে বিহু হুঁচৰি প্ৰদৰ্শন কৰে৷ 

 

নবজ্যোতি তামুলী,চিনামৰা

 

 

You might also like