নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাই নৈ আৰু জীয়াধল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ

  • ৰাইজৰ দাবী বানপ্ৰীড়িতক সাহায্য দিয়াৰ লগতে গাই নৈৰ দুয়োপাৰৰ মথাউৰি পকীকৰণ কৰক

নিয়মীয়া বাৰ্তা, ২৫ জুন: আজি ধেমাজিত অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তয়ে জীয়াধল আৰু গাই নৈ ৰ পৰিদশন কৰে।

প্ৰথমতে জীয়াধলৰ তিনিঘৰিয়াত উপস্থিত হৈ জীয়াধলৰ সুতি সলনি কৰাৰ দিশ সমূহৰ বুজ লৈ পুনৰ নদীখনলৈ সুতিটো বোৱাই নিব পৰা ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্মী সকলৰ লগত আলোচনাত মিলিত হয়।জিয়াধল পৰিদৰ্শনৰ সময়ত মন্ত্ৰী গৰাকীৰ লগত থাকে ধেমাজি বিধান সভা সমষ্টিৰ বিধায়ক ৰণোজ পেগু,জিলা উপায়ুক্ত আৰু বিভাগীয় কৰ্মী সকল।

ইয়াৰ পাছতেযোৱা ২১ জুনৰ ৰাতিপুৱা ধেমাজি জিলাৰ গাই নৈ ৰ গাইজান নামৰ ঠাইৰ মথাউৰি ৰ এটা অংশ বানৰ কবলত বিচ্ছিন্ন হৈ পৰে।ফলশ্ৰুতিত প্ৰায় ৪০ খন গাও জলমগ্ন হৈ খেতি পথাৰকে আদি কৰি বহু সা-সম্পত্তি ক্ষতি কৰে।

উল্লেখ্য যে বিগত দশক দশক জুৰি ৰাইজৰ দাবী সমূহ উপেক্ষা কৰি বিজ্ঞান সন্মত ভাৱে মথাউৰি নিৰ্মাণ নকৰাৰ বাবে প্ৰতি বছৰৰ বাৰিষা ৰাইজ গাই নৈৰ কবলত সোমাই পৰে।এইবাৰো তেনে পুনৰাবৃত্তিয়েই হৈ ৰাইজক পুনৰ পানীত হাহ নচৰা অৱস্থা কৰি থৈ যায়।তেনে পৰিপ্ৰেক্ষিততে আজি অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত য়ে বিয়লি ভাগত মথাউৰিটোৰ পৰিদৰ্শনৰ বাবে আহি উপস্থিত হয়। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত লগত থাকে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু আৰু ধেমাজি সমষ্টিৰ বিধায়ক ৰণোজ পেগু।

মথাউৰি ছিগা অংশত উপস্থিত হৈ অঞ্চল টোৰ বুজ লোৱাৰ লগতে বৰ্তমান ছিগা অংশৰ যি মেৰামতি চলি আছে আৰু দুদিনৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ আশ্বাস প্ৰদান কৰে ৰাইজক।ইফালে এই বাৰিষাৰ এনেদৰেই অস্হায়ী ভাৱে নিৰ্মাণ কৰি ৰাইজক সুৰক্ষা দি খৰালি পুনৰ স্বায়ী ব্যৱস্থা কৰাৰো আশ্বাস প্ৰদান কৰে।আনহাতে বিগত দশক দশক জুৰি জৰাজীৰ্ণ মথাউৰিটো বিজ্ঞান সন্মত নিৰ্মাণৰ দাবী জনাই অহাৰ পাছতো কোনো চৰকাৰে গুৰুত্ব নিদি ছিঙাৰ পাছত তৎপৰ হৈ দেখুৱাই পুনৰ খৰালি পিঠি দিয়াৰ দৰে যে পুনৰ একেই কাণ্ড সংঘটিত হব সেই কথাৰ উপলব্ধি ৰে ৰাইজ জাঙুৰ খাই উঠে।

তাৰমাজতে একাংশয়ে পুনৰ উজনিৰ পৰা নামনিৰ দুয়োপাৰৰ মথাউৰি টো সম্পূৰ্ণ পকীকৰণ কৰি দিবলৈ মন্ত্ৰী গৰাকীক আহ্বান জনাই। সমান্তৰাল ভাৱে খোৱা সামগ্ৰীৰ নাটনি ঘটা বান প্ৰীড়িতৰ ৰাইজক সাহায্য প্ৰদান কৰিবলৈও আহ্বান জনায়।আনহাতে কালি পুনৰ বেউৰা নৈ ৰ মথাউৰি ভাঙি জলমগ্ন কৰি তোলা চিচিবৰগাৱৰ অঞ্চলসমূহ আজি দুপৰীয়া পৰিদৰ্শন কৰে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুয়ে।

You might also like