নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বংগৰ সীমা ভাঙি সৰুক্ষেত্রীত মুখে মুখে ‘খেলা হবে’

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ সৰুক্ষেত্রী সমষ্টিত এতিয়া হাটে–বজাৰে সঘনাই উচ্চাৰিত হ’বলৈ ধৰিছে ‘খেলা হবে’ ধ্বনি৷ কংগ্রেছ, এ আই ইউ ডি এফ, অগপ সকলো দলৰ প্রার্থীৰ মুখে মুখে এটাই শ্লোগান– ‘খেলা হবে’৷

উল্লেখ্য যে সৰুক্ষেত্রী সমষ্টিত মহাজোঁটৰ ফালৰ পৰা বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাৰ বাবে কংগ্রেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু এ আই ইউ ডি এফৰ মীনাক্ষি ৰহমানক প্রক্ষেপ কৰা হৈছে৷ কিন্তু নির্বাচনী যুঁজখন সম্প্রতি এনে পর্যায় পাইছেগৈ যে বন্ধুত্বৰ পৰিৱর্তে দুয়োগৰাকী প্রার্থী সমষ্টিটোত মূল প্রতিদ্বন্দ্বী হৈ পৰিছে৷

কংগ্রেছ প্রার্থী তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজহুৱাভাৱে কটাক্ষ কৰিছে টকাৰ খেল দেখুৱাই নির্বাচনী বৈতৰণী পাৰ হ’বলৈ বিচৰাটো একপ্রকাৰ অপচেষ্টা৷ লগতে সৰুক্ষেত্রীৰ ৰাইজ তেওঁৰ লগত আছে বুলি সভা–সমিতিয়ে দাবী কৰিছে৷ ইয়াৰ বিপৰীতে এ আই ইউ ডি এফ প্রক্ষেপিত প্রার্থী মীনাক্ষি ৰহমানে প্রত্যুত্তৰত তেওঁ জনপ্রিয়তাত স্তম্ভিত হৈ হকে–বিহকে অভিযোগ আনি নিজৰ জ্ঞানৰ দীনতা প্রকাশ কৰিবলৈ লৈছে৷ ইয়াৰ মাজতে প্রার্থীসকলৰ সমর্থকসকলে উচ্চাৰণ কৰিবলৈ লৈছে খেলা হবে৷

সৰুক্ষেত্রী সমষ্টিত মহাজোঁটৰ এই প্রার্থীৰ লগতে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ তথা অগপৰ প্রার্থী কল্পনা পাটোৱাৰীও ভোটাৰ ৰাইজৰ কাষ চাপি নির্বাচনী ৰণডংকা বজাইছে৷ প্রার্থীগৰাকী ৰাইজৰ মাজত সোমাবলৈ সক্ষম হৈছে৷ ইপিনে, কংগ্রেছ প্রার্থী তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ কাম–কাজত সমষ্টিটোৰ ভালেসংখ্যক লোক অসন্তুষ্ট হৈ থকা বুলি জানিব পৰা গৈছে৷ ইয়াৰ সুযোগ লৈ এ আই ইউ ডি এফ প্রার্থী মীনাক্ষি ৰহমানে গাঁৱে–ভূঞে সোমাই জনসমর্থন লাভ কৰিবলৈ চেষ্টা চলাইছে৷

You might also like