নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ খেৰকটা সমবায় সমিতিৰ ২০২৩-২৪ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

  • ৩০ এপ্ৰিলৰ ভিতৰত দাখিল কৰিব পাৰিব ওজৰ আপত্তি

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল: ঢকুৱাখনা মহকুমাৰ ৬ খন সমবায় সমিতিৰ অন্তগত খেৰকটা সমবায় সমিতিৰ ২০২৩ ২০২৪ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰি ২১ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত যিকোনো ওজৰ আপত্তি দাখিল কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে এজনীয়া তদন্ত কমিটিৰ সভাপতি ক্ষীৰোদ বৰাৰ লগতে খেৰকটা সমবায় সমিতিৰ সচিব ৰাজীব দলেই ৷ খেৰকটা সমবায় সমিতিৰ সাধাৰণ সভা আৰু ২০২৩ — ২০২৮ বৰ্ষৰ নতুন সঞ্চালক মণ্ডলীৰ নিৰ্বাচনৰ বাবে ২৪ মাৰ্চৰ দিনটো ধাৰ্য কৰি সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছিল খেৰকটা সমবায় সমিতিয়ে ৷ কিন্তু সমিতিখনৰ অংশীদাৰ ভোটাৰ তালিকাত বিসংগতি থকা আৰু উপযুক্ত ভাবে প্ৰচাৰ নচলোৱা বুলি একাংশ লোকে দাখিল কৰা  অভিযোগৰ ভিত্তিত সমিতিখনৰ অংশীদাৰী ৰাইজৰ ভোটাৰ তালিকা সংশোধন নকৰালৈকে নিৰ্বাচন স্থগিত ৰাখিবলৈ মেমো নং DEV/ 58/ 2023 — DEVB — LKPR দিনাংক ২২ মাৰ্চৰ জৰিয়তে দিয়া নিৰ্দেশনা মতে সমিতিৰ  নিৰ্বাচন স্থগিত ৰখা হয় ৷ পৰৱৰ্তী সময়ত এজনীয়া তদন্ত কমিটিৰ সভাপতি ক্ষীৰোদ বৰাই চলোৱা তদন্তৰ ভিত্তিত ৩১ মাৰ্চ ২০২৩ তাৰিখৰ ভিত্তিত সমিতিৰ ভোটাৰ তালিকা সংশোধন কৰি কিবা ওজৰ আপত্তি থাকিলে ২১ এপ্ৰিল ২০২৩ তাৰিখৰ পৰা ৩০ এপ্ৰিল ২০২৩ তাৰিখৰ ভিতৰত সমিতিৰ কাৰ্যালয়ত কাৰ্যালয় চলি থকাৰ সময়ত দাখিল কৰিব পাৰিব আৰু ৩০ এপ্ৰিল ২০২৩ তৰিখৰ পিছত কোনো ধৰণৰ ওজৰ আপত্তি মানি লোৱা ন’হব বুলিও জানিবলৈ দি সকলো সমিতিৰ অংশীদাৰ ৰাইজৰ সহায় সহযোগীতাৰো কামনা কৰিছে এজনীয়া তদন্ত কমিটিৰ সভাপতি ক্ষীৰোদ বৰা আৰু সমিতিৰ সচিব ৰাজীৱ দলেই ৷

প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি

You might also like