কৃষক মুক্তিৰ চিমেনমুখ চমকঙ আঞ্চলিকৰ সহঃ সাধাৰণ সম্পাদক দিগন্ত কোঁৱৰৰ মৃত্যু, চেঙাজানত শোকৰ ছাঁ
নিয়মীয়া বাৰ্তা, ২৮ জুনঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চিমেনমুখ চমকঙ আঞ্চলিকৰ সহঃ সাধাৰণ সম্পাদক দিগন্ত কোঁৱৰ বিছনাতে শুই থকা অৱস্থাত মৃত্যু হয়। চেঙাজান মাজগাঁৱৰ নিবাসী বাবু কোঁৱৰৰ জ্যেষ্ঠ পুত্ৰ দিগন্ত কোঁৱৰে নিশা ভাত-পানী খাই পৰিয়ালৰ সদস্যৰ সৈতে শুই থাকে।
কালি পুৱা ৪ বজাত পত্নী মৌচুমী কোঁৱৰে শুৱাৰ পৰা জগাওতে মৃত্যু হোৱা বুলি গম পায়। ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভবেন শালৈ, সাধাৰণ সম্পাদক যদুমনি গগৈ, চিমেনমুখ চমকঙ আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকি দিগন্ত কোঁৱৰৰ মৃতদেহত সংগঠনৰ পতাকা অৰ্পণেৰে শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীৰ সহযোগত অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন কৰা হয় ।
উল্লেখ্য যে এসপ্তাহৰ আগতে ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকা ভনীয়েকক তেজ দি আহিছিল দিগন্ত কোঁৱৰে। চিকিৎসকে জিৰণি লবলৈ পৰামৰ্শ দিছিল কৃষক নেতা গৰাকীক। কিন্তু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটো চলাবলৈ মাছ, মাংস ব্যৱসায়ত থকা যুৱ কৃষক নেতা গৰাকীয়ে এদিনো জিৰণি নোলোৱাৰ লগতে প্ৰতিদিনে কষ্টকৰ কামত ব্যস্ত হৈ আছিল । অতি স্পষ্টবাদী আৰু পৰিশ্ৰমী দিগন্ত কোঁৱৰে মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ -কন্যা সন্তানৰ লগতে পিতৃ, মাতৃক ইহ সংসাৰত এৰি থৈ গৈছে ।
তেখেতৰ মৃত্যুত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ নেতৃবৃন্দৰ লগতে চিমেনমুখ চমকঙ আঞ্চলিক সমিতিৰ সভাপতি কন বৰা, সাধাৰণ সম্পাদক অৰূপ গগৈয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গ সমবেদনা জ্ঞাপন কৰিছে ।