গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাৰ দ্বাৰা উদ্ধাৰ হোৱা ঐতিহাসিক কোবাইকটা সত্ৰৰ ইতিহাস বিজড়িত মাহ ধোঁৱা পুখুৰীত বেদখল
ঐতিহাসিক মাহ ধোঁৱা পুখুৰী এতিয়া মছজিদ স্থাপন কৰি মৈৎস্য পালন বেদখলকাৰীৰ
নিয়মীয়া বাৰ্তা ৭ জুলাইঃ কথিত আছে যে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ নাতি বোৱাৰী আই কনকলতাই আজিৰ পৰা প্ৰায় ৫শ বছৰ পূৰ্বে উদ্ধাৰ কৰিছিল কোবাই কটা সত্ৰ। আনহাতে প্ৰবাদ আছে যে এই পবিত্ৰ স্থানতে সতী ৰাধিকাই জন্ম গ্ৰহণ কৰিছিল। কিন্তু কালৰ বিৰম্বনা এয়ে যে এই পবিত্ৰ সত্ৰ ভাগিৰ ভূমি এতিয়া বেদখলকাৰীৰ কৱলত। সত্ৰ খনৰ সমীপৰ ঐতিহাসিক মাহ ধোঁৱা পুখুৰীৰ 2 বিঘা 2 কথা ৮ লোছা আৰু এখন শ্মশানৰ ভূমিত এতিয়া সম্পূৰ্ণ বেদখল। ঐতিহাসিক গুৰুত্ব সম্বলিত মাহ ধোঁৱা পুখুৰীৰ পাৰ ভাঙি তাত নিৰ্মান কৰা হৈছে মছজিদ আৰু মৈৎস্য পালন আঁচনি। এই তথ্য প্ৰকাশ কৰিছে কোবাই কটা সত্ৰ পৰিচালনা কমিটিৰ সভাপতি জামিনি দাসে।
উল্লেখ্য উক্ত মাহ ধোঁৱা পুখুৰীটো বেদখলকাৰীয়ে পৰিচালনা সমিতিৰ সৈতে ভগাই লোৱাৰ কথা কৈছে যিটো মানি লবলৈ কোনো কাৰণত ৰাজি নহয় সমিতি। আনহাতে সত্ৰ মহা সভাৰ সভাপতি কুসুম মহন্তই প্ৰকাশ কৰা অনুসৰি এই সত্ৰ খনৰ ৪৬ বিঘা ভূমি এতিয়াও বেদখলকাৰীৰ কৱলত যাক উদ্ধাৰৰ বাবে প্ৰচেষ্টা লবলৈ নতুন চৰকাৰ তথা মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।
আনহাতে এই বেদখলৰ কথা সত্ৰৰ সমীপত বাস কৰি থকা মুছলমান লোক সকলে একমুখে অস্বীকাৰ কৰি অহাৰ বিপৰীতে স্থানীয় জেষ্ঠ নাগৰিক তথা বৰ্ত্তমান বৰচিলা নিবাসী অনন্ত দাসে গভীৰ আক্ষেপৰে কৈ যে এই অঞ্চলত ৱেদখল কেইবা দশক ধৰি চলি আছে আনকি অৱশেষত তেওঁৰ তদানীন্তন সভাপতি হৈ থকা কোবাইকতা নামঘৰ কমিটিৰ নামত থকা প্ৰায় ৪ বিঘা ভূমি আবেষ্টিত মাহ ধোঁৱা পুখুৰী এতিয়া বেদখল কাৰীৰ হাতত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এই সন্দৰ্ভত ব্যৱস্থা লবলৈ আহ্বান জনায় তেওঁ।
উল্লেখ্য পূৰ্বৰ বটতদোৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই সত্ৰ খনৰ উন্নয়নৰ বাবে যথেষ্ট ভূমিকা গ্ৰহণ কৰিছিল বুলি একাংশ ৰাইজে প্ৰকাশ কৰিছে।