কোকৰাঝাৰৰ আৰএনবি হাস্পতালত ছাডেন ভিজিট প্রমোদ বড়োৰ
বিটিআৰত ইউপিপিএল–বিজেপি–জিএছপি পৰিৱর্তন যাত্রা আৰম্ভ
নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ বিটিআৰৰ নৱনিযুক্ত মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে আজি আবেলি হঠাৎ কোকৰাঝাৰ চহৰস্থিত ৰূপনাথ ব্রহ্ম অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খন পৰিদর্শন কৰে৷ আগতীয়া খবৰ অবিহনে চিকিৎসালয়খনত উপস্থিত হৈয়েই মুখ্য কার্যবাহী বডোৱে চিকিৎসালয়খনৰ কেইবাটাও বিভাগৰ কক্ষত প্রৱেশ কৰি চিকিৎসাধীন ৰোগীৰ স্বাস্থ্য সেৱা সম্পর্কীয় অভাৱ–ভিযোগ আদিৰ সন্দর্ভত মত বিনিময় কৰে৷ সাধাৰণ ৰোগীৰ ৱার্ডৰ পৰা আৰম্ভ কৰি প্রসূতি বিভাগলৈ বডোৱে এফালৰ পৰা পৰিদর্শন কৰি চিকিৎসালয়খনৰ স্বাস্থ্য সেৱাৰ ব্যৱস্থা কেনেদৰে চলি আছে সেই বিষয়ে বুজ লয়৷ পৰিদর্শনৰ অন্তত বডোৱে সাংবাদিকৰ আগত কয় যে আৰ এন বি অসামৰিক চিকিৎসালয়খন কোকৰাঝাৰ জিলাবাসীৰ চিকিৎসা সেৱাৰ ভৰসাৰ থল৷ অতি টান আৰু সংকটজনক অৱস্থাত কোকৰাঝাৰবাসীয়ে উন্নত চিকিৎসা সেৱাৰ বাবে ৰোগীক গুৱাহাটী, বঙাইগাঁও আৰু শিলিগুৰিলৈ নিয়াৰ বাদে গত্যন্তৰ নাথাকে৷ কিন্তু সকলো শ্রেণীৰ লোকে ইমান বৃহৎ চিকিৎসা ব্যয় বহন কৰিব নোৱাৰে৷ তদুপৰি কোকৰাঝাৰত বর্তমান এখনো উন্নত চিকিৎসালয় নাই৷ সেয়েহে জিলাবাসীয়ে যাতে চৰকাৰী চিকিৎসালয়তে চিকিৎসা সেৱাৰ সুবিধাসমূহ লাভ কৰিব পাৰে তাৰ প্রতি দৃষ্টি ৰখা হৈছে৷ আনপিনে বিটিআৰৰ নতুন পৰিষদীয় চৰকাৰখনে শিক্ষা আৰু চিকিৎসা সেৱা খণ্ডত অধিক প্রাধান্য দিছে৷ এনেবোৰ দিশৰ প্রতি লক্ষ্য ৰাখিয়েই আজি কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়খন পৰিদর্শন কৰা হৈছে৷ চিকিৎসকসকলে বহু অভাৱ–ভিযোগ আছে বুলি ইতিমধ্যে জনাইছে৷ এইবোৰ শীঘ্রে ৰাজ্য চৰকাৰৰ স’তে আলোচনা কৰি সমাধানৰ দিহা কৰা হ’ব বুলিও কয় বডোৱে৷ উল্লেখ্য যে বিটিআৰৰ মুখ্য কার্যবাহী প্রমোদ বডোৰ আৰ এন বি অসামৰিক চিকিৎসালয় পৰিদর্শন ইমানেই ছাডেন অর্থাৎ আকস্মিক আছিল যে চিকিৎসালয় কর্তৃপক্ষই এই বিষয়ে ভুকে পোৱা নাছিল৷ মুখ্য কার্যবাহীগৰাকীয়ে আধা–আধি পৰিদর্শনৰ পিছতহে চিকিৎসক তথা চিকিৎসা কর্মীসকলৰ মাজত লৰা–ঢ়পৰা লাগে৷