নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুঁহিয়াৰবাৰীত উন্নত প্রজাতিৰ মাঘী আলু উৎপাদন

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ লখিমপুৰ জিলাৰ তেলাহী উন্নয়ন খণ্ডৰ কুঁহিয়াৰবাৰীত উন্নত প্রজাতিৰ মাঘী আলু উৎপাদনেৰে পাঁচজন কৃষকে সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ কৃষিখণ্ডলৈ৷ কুঁহিয়াৰবাৰীস্থিত গড়মূৰ শাখা সত্রৰ ভূমিত নিজা প্রচেষ্টাৰে কৰা আলুখেতিৰ উৎপাদন দেখি স্থানীয় কৃষকসকলো উৎসাহিত হৈ পৰিছে৷

জিলা কৃষি বিভাগৰ সহঃ পৰিদর্শক মাণিক কলিতাৰ সহযোগিতাত কুঁহিয়াৰবাৰী অঞ্চলৰ পাঁচজন কৃষক ক্রমে নাৰায়ণ বৰা, নবীন হাজৰিকা, ৰূহিত বৰা, অতুল শইকীয়া আৰু পুলক ভাগৱতীৰ প্রচেষ্টাত প্রথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে কৰা আলুখেতিৰ অভূতপূর্ব উৎপাদনে কৃষকসকলক উৎসাহিত কৰি তুলিছে৷

কৃষক কেইজনে প্রকাশ কৰা মতে, অসমৰ বতৰ আৰু পৰিৱেশৰ বাবে মাঘী আলুৰ খেতিয়েই সর্বোত্তম ৷ শালি খেতিৰ তলীত হাল–কোৰ নোবোৱাকৈ খালী হৈ পৰি থকা মাটিত আলু ৰোপণ কৰি নৰাৰে ঢাকি দিয়াৰ পাছত সামান্য পৰিমাণৰ পানী যোগানৰ বাহিৰে কৃষকে কৰিব লগা কোনো বিশেষ কাম নাথাকে৷ শালি খেতিৰ পাছত অসমত আবাদী হৈ পৰি থকা লাখ লাখ বিঘা ভূমিত অনায়াসে এই খেতি কৰি কৃষকসকলে ৰাজ্যৰ কৃষিখণ্ডলৈ যুগান্তকাৰী পৰিৱর্তন অনাৰো আশা কৰিব পাৰি৷ মাত্র দুমাহতে ফচল পূৰঠ হোৱাৰ উপৰি থলুৱা, জলন্ধৰ, খাচিয়া বা মুম্বাই আলুতকৈ ইয়াৰ উৎপাদন দুগুণতকৈয়ো বেছি৷

পৰম্পৰাগতভাৱে কৰি অহা আলু খেতিত হাল–কোৰ, মাটি চপোৱা, আলু খন্দা আদিত কৃষকে কঠোৰ পৰিশ্রম কৰাৰ উপৰি সময় আৰু উৎপাদন খৰচো যথেষ্ট কৰিব লগাৰ বিপৰীতে এই আলুত হাল, কোৰ, মাটি চপোৱাৰ কোনো প্রয়োজন নাই৷ তদুপৰি নৰা বা খেৰেৰে ঢাকি ৰখা আলু পূৰঠ হোৱাৰ পাছত খন্দাৰ খৰচো নাথাকে৷ কৃষকসকলক সহঃ কৃষি পৰিদর্শক মাণিক কলিতা আৰু কৃষি উন্নয়ন বিষয়া প্রণৱ হাজৰিকাই বিশেষভাৱে সহায় কৰি আহিছে৷

You might also like