চীন সীমান্ত সংযোগী ৩৭নং ৰাষ্ট্রীয় ঘাইপথত কুণ্ডিল নদীৰ খহনীয়া
নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ দেশৰ প্রতিৰক্ষা মানচিত্রত অতি গুৰুত্বপূর্ণ বিবেচিত চাবুৱাস্থিত দিনজান সেনা শিবিৰৰ পৰা চীন সীমান্তলৈ ৩৭নং ৰাষ্ট্রীয় ঘাইপথটো শদিয়াৰ আঠমাইলত কুণ্ডিল নদীৰ খৰস্রোতা পানীয়ে যিকোনো সময়তে উটুৱাই নিয়াৰ সম্ভাৱনাই দেখা দিছে৷ উল্লেখ্য যে দিনজান সেনা শিবিৰৰ পৰা ধলা–শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সমন্বয় সেতুৰেই অৰুণাচল–চীন সীমান্তলৈ এই পথেই একমাত্র চমু স্থলপথ৷ উক্ত পথেৰে ভাৰতীয় সেনাবাহিনীয়ে সীমান্তলৈ যাতায়াত কৰাৰ লগতে গধুৰ অস্ত্র–শস্ত্র আৰু লগতে ৰচদ–পাতি পৰিবহণ কৰি আহিছে৷ দেশৰ প্রতিৰক্ষাৰ ক্ষেত্রত অতি গুৰুত্বপূর্ণ পথটি যোৱা কিছুদিন ধৰি কুণ্ডিল নদীৰ বাঢ়নী পানীয়ে অহৰহ প্রচণ্ড জোৰেৰে খুন্দিয়াই থকাৰ ফলত পথৰ ওপৰত ফাট মেলা পৰিলক্ষিত হৈছে৷
আনহাতে অসম–ৰুণাচল সংযোগী একমাত্র পথটোৰ ছিগো ছিগো অৱস্থাই দেশৰ প্রতিৰক্ষাৰ প্রতি ভাবুকি সৃষ্টি কৰাই নহয়, শদিয়া আৰু অৰুণাচলৰ বৃহৎ অংশ বহিঃজগতৰ লগত বিচ্ছিন্ন হৈ পৰিব৷ ইফালে যোৱা দুদিন ধৰি স্থানীয় প্রশাসনে উক্ত পথেৰে গধুৰ যান–বাহনৰ চলাচল বন্ধ কৰি দিছে৷ অৱশ্যে সেনাৰ গাড়ীসমূহৰ চলাচল অব্যাহত আছে৷ যোৱা দুদিন ধৰি ধলা–শদিয়া দলং নির্মাণ কৰা প্রতিষ্ঠান নৱযুগ ইঞ্জিনীয়াৰিং আৰু জলসম্পদ বিভাগে দিনে–নিশাই জি’ বেগৰ জৰিয়তে পথটিৰ খহনীয়া ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে৷ মুখ্যমন্ত্রীৰ নির্দেশত শ্রমমন্ত্রী সঞ্জয় কিষাণৰ লগতে স্থানীয় বিধায়ক বলীন চেতিয়াই কালিৰে পৰা শদিয়াত বাহৰ পাতি জি’ বেগ স্থাপনৰ কামৰ তদাৰক কৰি আছে৷ আনহাতে স্থানীয় অঞ্চলবাসী আৰু দল–সংগঠনসমূহে নিজা উদ্যোগত অতিৰিক্ত নলা খননেৰে নদীৰ সোঁতৰ দিশ সলনি কৰি ৩৭নং ৰাষ্ট্রীয় ঘাইপথটো ৰক্ষাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ ইফালে কুণ্ডিল নদীৰ গতিপথ সলাবলৈ বিজ্ঞানসন্মতভাৱে আঁচনি জলসম্পদ বিভাগে গ্রহণ নকৰাৰ বাবে স্থানীয় ৰাইজে বিভাগক জগৰীয়া কৰিছে৷