নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি বালিকা বিদ্যালয়ত ‘বাগিচা পুথিভঁ‌ৰাল’-অটল পৰীক্ষাগাৰ উন্মোচন

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ মৰিয়নি অঞ্চলৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান মৰিয়নি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত এটি বাগিচা পুথিভঁ‌ৰাল আৰু অটল টিনকাৰিং পৰীক্ষাগাৰ মুকলি কৰা হয়। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পুথিভৰাঁ‌ল আৰু পৰীক্ষাগাৰৰ ফিটা কাটি মুকলি কৰে। কেন্দ্ৰীয় চৰকাৰৰ নিটি আয়োগৰ অনুদানেৰে এই পৰীক্ষাগাৰটো নিৰ্মাণ কৰা হৈছে । আনহাতে, বিদ্যালয় চৌহদৰ প্ৰৱেশদ্বাৰৰ কাষতে স্বেচ্ছাসেৱী মহিলা সংগঠন জে চি আই ফেমিনা যোৰহাটে বাগিচা পুথিভৰাঁ‌লটো স্থাপন কৰিছে। এই উপলক্ষ্যে বিদ্যালয় প্ৰেক্ষাগৃহত কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা, শিক্ষাবিদ ড° অৰ্চনা ভট্টাচাৰ্য্যৰ পৌৰোহিত্যত এক সভা অনুষ্ঠিত হয়। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজ ভাষন প্ৰসংগত সেচ্ছাসেৱী মহিলা সংগঠনটোৰ এনে কাৰ্য্যৰ শলাগ লোৱাৰ লগতে এনে সৃষ্টিশীল আৰু ফলপ্ৰসূ পদক্ষেপে ছাত্ৰ ছাত্ৰীৰ লগতে সমাজৰো উপকাৰ সাধিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, জে চি আই ফেমিনা যোৰহাটৰ সদস্যাসকলে নিজা শ্ৰমদানেৰে এই বাগিচা পুথিভৰাঁ‌লটো গঢ়ি তুলিছে । গছত ভিন্ন ৰুচিৰ গ্ৰন্থ সম্বলিত বাকচ স্থাপন কৰি সেইসমূহ আজৰি সময়ত ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰাৰ ব্যৱস্থা কৰি দিছে তেওঁলোকে। কোঠাৰ ভিতৰৰ পৰিৱৰ্তে বাগিচাৰ পৰিবেশত বহি অধ্যয়ন কৰাৰ এক পৰিবেশ গঢ়ি তোলাৰ উদ্দেশ্যৰেই এই বাগিচা পুথিভৰাঁ‌ল স্থাপন কৰা বুলি তেওঁলোকে জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত এনে পদক্ষেপ অন্যান্য স্থানতো লোৱা হ’ব বুলিও জানিবলৈ দিয়ে। সভাত মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ স্মৃতিৰেখা ফুকন, জ্যেষ্ঠ শিক্ষক প্ৰিতম কুমাৰ শইকীয়া, চি আৰ চি চি কৃষ্ণাবালা মিশ্ৰ, সমগ্ৰ শিক্ষা যোৰহাটৰ অৰ্পিতা দত্ত, জে চি আই ফেমিনা যোৰহাটৰ সভানেত্ৰী দিপীকা পোদ্দাৰ আৰু সম্পাদিকা শিৱানী আগৰৱালা, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ববীনা তাঁ‌তী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকদ্বত্ৰয় ক্ৰমে ৰূদ্ৰ গগৈ, জীৱন বৰদলৈ আৰু বিদ্যুৎ বৰপাত্ৰগোঁ‌হাই, আদৰ্শ হিন্দী হাইস্কুলৰ প্ৰধান শিক্ষক অশোক কুমাৰ ভগত, মৰিয়নি হাইস্কুলৰ প্ৰধান শিক্ষক বিকাশ ভট্টাচাৰ্য্য, ৰে’লৱে হাইস্কুলৰ প্ৰধান শিক্ষক ৰথীন্দ্ৰ কুমাৰ দে, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নিলীমা দেৱী আদি উপস্থিত থাকে। এই অনুষ্ঠানতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ কৃতিত্ব সহকাৰে উতীৰ্ণ হোৱা ছগৰাকী ছাত্ৰীক ৰাজহুৱাকৈ অভিনন্দন জনোৱা হয়। আনহাতে, বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক ভূপেন চন্দ্ৰ বৰাক চাকৰি কালত এদিনো ছুটি নোলোৱাকৈ কৰ্ম সম্পাদন কৰাৰ বাবে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ববীনা তাঁ‌তীয়ে বিশেষ ভাৱে সন্মান জনায়।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like