নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লম্পটৰ ফাঁচিৰ দাবীত উত্তাল লাহৰীঘাট থানা

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ ধর্ষণকাৰীৰ ফাঁচিৰ দাবীত শুকুৰবাৰে উত্তাল হৈ পৰে লাহৰীঘাট থানা৷ উল্লেখ্য যে যোৱা ১ আগষ্টত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ তিতাতলা বিলপাৰ গাঁৱত এজন লোকে এগৰাকী মানসিক প্রতিবন্ধী মহিলাক বলাৎকাৰ কৰিছিল৷ ৬০ বছৰীয়া আলী হুছেইনে নিশা প্রায় ১২ বজাত ঘৰৰ ওচৰতে থকা অকলশৰীয়া মানসিক প্রতিবন্ধী মহিলাগৰাকীক হাত ভৰি বান্ধি ধর্ষণ কৰে৷ এই ঘটনা সন্দর্ভত মহিলাগৰাকীৰ ভাতৃয়েলাহৰীঘাট থানাত এখন এজাহাৰ দাখিল কৰিছিল৷ ঘটনাৰ উমান পাই লম্পট আলী হুছেইনে পলায়ন কৰিছিল৷

যোৱানিশা লাহৰীঘাট আৰক্ষীয়ে লম্পট আলী হুছেইনক গ্রেপ্তাৰ কৰে৷ লম্পট আলী হুছেইনৰ গ্রেপ্তাৰৰ খবৰ পাই তিতাতলা বিলপাৰ গাঁৱৰ শতাধিক লোক লাহৰীঘাট থানাত উপস্থিত হৈ লম্পট আলী হুছেইনৰ ফাঁচিৰ দাবী তুলি পৰিৱেশ উত্তাল কৰি তোলে৷ ৰাইজে থানাৰ সন্মুখত ধর্ষণকাৰীৰ ফাঁচিৰ দাবীত শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷ ইতিমধ্যে লাহৰীঘাট আৰক্ষীয়ে লম্পট আলী হুছেইনক জে’ল–হাজোতলৈ প্রেৰণ কৰিছে৷ স্থানীয় লোকে জনোৱা মতে লম্পট আলী হুছেইন গাঁওখনত কেইবাটাও ধর্ষণৰ ঘটনাত অভিযুক্ত৷
ৰঙিয়াত কিশোৰী ধর্ষণৰ অভিযোগত এজন যুৱকক গ্রেপ্তাৰ
ৰঙিয়াত লম্পট যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী৷ অভিযুক্ত যুৱকজনক আজি তুলসীবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ধৃত অভিযুক্ত যুৱকজন হ’ল ৰঙিয়াৰ ইচ্ছাপুৰৰ আনোৱাৰ হুছেইন৷ অভিযোগ মতে লম্পট যুৱকজনে ঘৰত কোনো নথকাৰ সুযোগ বুজি বলপূর্বকভাৱে কিশোৰীগৰাকীক এক আওহতীয়া ঠাইলৈ লৈ যায়৷ তাত কিশোৰীগৰাকীক ধর্ষণ কৰাৰ পিছত যুৱকজন আঁতৰি যায়৷ ঘৰলৈ উভতি আহি কিশোৰীগৰাকীয়ে পৰিয়ালক সমগ্র ঘটনা বিৱৰি কয়৷ পিছত পৰিয়ালৰ লোকে ততালিকে তুলসীবাৰী থানাত ঘটনা সন্দর্ভত গোচৰ তৰে৷ উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্রেপ্তাৰ কৰে৷

You might also like