গৰুৰ চোৰাং কাৰ্য্যত ব্যৱহৃত চেভ্ৰলেটৰ বাহনৰে ভৰি পৰিছে লাহোৱাল থানা
- এদিন পূৰ্বে তিনি গো -ধন সহ এখন বাহন আৰক্ষীয়ে জব্দ কৰাৰ পিছত
- কালি নিশা পুনৰ আন দুখন চেভ্ৰলেটৰ বাহন জব্দ
নিয়মীয়া বাৰ্তা, ২০এপ্ৰিল –ঈদৰ প্ৰাক ক্ষণত লাহোৱালত গৰু চোৰৰ সন্ৰাসে যেন এতিয়া টোপনি কাঢ়িছে সাধাৰণ ৰাইজৰ । এদিন পূৰ্বে তিনি গো- ধন সহ এখন চেভ্ৰলেটৰ বাহন লাহোৱাল থানাৰ নৈশ তহলদাৰী আৰক্ষীয়ে জব্দ কৰি উক্ত গৰু চোৰ কেইটাৰ সন্ধানত আজিও তীব্ৰতৰ অভিযান চলাই থকাৰ সময়তে কালি পুনৰ গৰু চোৰাং কাৰ্য্যত ব্যৱহাৰ কৰা AS-23P-9131 আৰু AS-06F-7937 নম্বৰৰ দুখনকৈ চেভ্ৰলেটৰ বাহন লাহোৱাল আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ নৈশ গৰু চোৰ কৰিবলৈ পৰিকল্পনা কৰি থকাৰ সময়তে লাহোৱাল হাড়াবাৰী গাঁৱৰ গৌৰী বৰুৱা বাসগৃহৰ পৰা বাহনকেইখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷