লখিমপুৰৰ সোৱণশিৰি নদীৰ বুকুত যাত্রী বাহী ফেৰীৰ ইঞ্জিন বিকল
নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ লখিমপুৰত আজি বিয়লি পুনৰ এক নিমাতী কাণ্ডৰ উপক্ৰম ঘটে। ভৰা সোৱণশিৰিৰ বুকুত ইঞ্জিন বিকল হৈ এক আতংকময় পৰিস্থিতি সৃষ্টি হয় এখন যাত্রী বাহী ফেৰীত। ইঞ্জিন বিকল হৈ নদীৰ মাজত আবদ্ধ হৈ পৰা ফেৰিখনত যাত্রী সকলৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। ফেৰিতে আবদ্ধ হৈ পৰে ২০ জন যাত্রী। লগত আছিল ৮ খনকৈ বাইক আৰু বিভিন্ন সামগ্ৰী।
উল্লেখ্য ভীমপৰা ঘাটৰ পৰা দৰ্গে ঘাট সংযোগী আছিল ফেৰিখন। বিয়লি ভীমপৰা ঘাটৰ পৰা দৰ্গে ঘাট লৈ বুলি ২০ জন যাত্রী সহ বাইক আৰু বয় বস্ত লৈ যাত্ৰা কৰা ফেৰীখন নদীৰ মাজ পোৱাৰ পাছতে ইঞ্জিন বিকল হৈ পৰে। লগে লগে যাত্রী সকলৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। উদ্ধাৰৰ বাবে যাত্রী সকলে যিয়ে যেনেকৈ পাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰে। অৱশেষত তিনি ঘন্টা মানৰ পাছত আন এখন ফেৰীয়ে গৈ আন্ধাৰৰ মাজতে কোনোমতে আৱদ্ধ ফেৰীখনৰ যাত্রী সকলক উদ্ধাৰ কৰি আনে।
উল্লেখ্য ফেৰী খনৰ ইঞ্জিন বিকল হৈ আৱদ্ধ হৈ পৰাৰ পাছতে ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে। লক্ষ্য ণীয় যে ফেৰীখন একক ইঞ্জিনৰ হোৱা বাবেই এই অঘটন ঘটে। নিমাতী কাণ্ড ৰ পাছত চৰকাৰে দ্বৈত ইঞ্জিন ৰ ফেৰী বাধ্যতামূলক কৰিছিল। একক ইঞ্জিন ৰ ফেৰী, নাও জলপথ ত নিষিদ্ধ কৰা হৈছিল। পিছে সময় বাগৰাৰ লগে লগে এই সকলোবোৰ তল পৰিল। বিভিন্ন পাৰ ঘাটত একক ইঞ্জিন ৰ ফেৰী বা নাও অথবা জৰাজীৰ্ন নাও বিপদজনক ৰূপত যাত্রী ক লৈ পাৰাপাৰ হৈ আছে। নিমাতীৰ ভয়ংকৰ ঘটনা ৰ পৰাও শিক্ষা নলৈ বিপদজনক ৰূপত পাৰঘাট সমুহত চলি থকা নাও বা ফেৰীৰ ওপৰত চকু দিবলৈ চৰকাৰ অথবা জলপৰিবহন বিভাগৰ আহৰি নাই। যাৰ বাবে নিমাতীৰ দৰে শোকাবহ ঘটনাৰ আশংকা প্ৰতিদিনেই বাঢ়িব ধৰিছে।