নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ বানপানীৰ কবলত কামপুৰৰ বিস্তৃত এলেকা

🔹 কামপুৰ -যমুনামুখ পথত যাতায়াত ব্যাহত
🔹 বিপদসীমাৰ ওপৰৰে বৈ আছে কপিলী
বিশেষ বাৰ্তা, ১৭ জুন : কেইদিনমান পূৰ্বে হৈ যোৱা প্ৰথমটো বানপানীত বানাক্ৰান্তৰ চোতাল নুশুকুওৱাতেই পুনৰ বানৰ কবলত পৰি দিকবিদিক হেৰুৱাইছে কামপুৰৰ বহু বানাক্ৰান্তই। আজি কপিলী নদীৰ দ্বিতীয়টো বানে নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আজি প্ৰায় তিনি দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ বিশেষকৈ মেঘালয়ত হোৱা প্ৰবল বৃষ্টিপাতৰ বাবে কপিলী নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ফলত কপিলীপৰীয়া ৰাইজ পুনৰ বানৰ কবলত পৰিছে। কামপুৰৰ নলাপাৰা, চাংচকী, পটীয়াপাম, বকুলগুৰি আদি প্ৰায় ১৫খনৰো অধিক গাঁও বানৰ কবলত পৰিছে। এই অঞ্চলসমূহত এতিয়া হাহাকাৰসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। চাংচকীত প্ৰথমটো বানত ছিগি নিয়া ভগ্ন মঠাউৰিয়েদি বাঢ়নী পানী সোমোৱাত মানুহৰ ঘৰকে ধৰি বিস্তৃত এলেকা প্লাৱিত হৈছে। কামপুৰৰ পটিয়াপামত কপিলীৰ পানী কামপুৰ-যমুনামুখ পথৰ ওপৰেদি বাগৰাত এই পথেৰে যাতায়াত আৰু যোগাযোগ ব্যাহত হৈ পৰিছে। এই অঞ্চলৰ ৰাইজে টালি-টোপোলাৰ লগতে পশুধনসহ নিৰাপদ স্থানত আশ্ৰয় ল’ব লগা হৈছে। বহুতে ৰে’লপথ আৰু নামঘৰ আদিত আশ্ৰয় লৈছে। কপিলীৰ জলস্তৰ ক্ৰমশ: বৃদ্ধি পোৱাত কামপুৰৰ গাৰুখুন্দা, চাইবুক, গোহাঁইগাঁৱকে ধৰি নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ প্ৰশাসনে মাইকযোগে আহ্বান জনায়। কামপুৰ -যমুনামুখ পথৰ সৰিয়হতলী, ন-দেউৰীগাঁও, বুঢ়াপতীয়াগাঁও, চাংচকী আদি কেইবাটাও ভগ্ন মঠাউৰিয়ে কপিলীপৰীয়া ৰাইজৰ মাজত ভাবুকিৰ সৃষ্টি কৰিছে। আজি বিয়লি জলসম্পদ বিভাগে জনোৱা তথ্য অনুসৰি কামপুৰত কপিলী নৈ বিপদসীমাৰ ১. ১৬ মিটাৰ ওপৰেৰে বৈ থকাৰ লগতে জলপৃষ্ঠ ক্ৰমশ: বৃদ্ধি হৈ থকাত নগাঁও জিলাৰ বান পৰিস্থিতি জটিল হোৱাৰ সম্ভাৱনা আছে। খেৰণি আৰ চি চি ব্ৰীজৰ ওচৰত কপিলী বিপদসীমাৰ ৫০ ছেণ্টিমিটাৰ ওপৰেৰে বৈ আছে। ইপিনে, নগাঁও চহৰ, ৰহাত কলংনৈ আৰু শিলঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈছে যদিও বিপদসীমাৰ তলেৰে বৈ আছে।

 

প্ৰেৰক কনক হাজৰিকা

You might also like