নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত বৃহৎ আকাৰৰ কোণ্ডাভৰ্তি ট্ৰাক জব্দ

নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বন সুৰক্ষাৰ ক্ষেত্ৰত অনমনীয় স্থিতি গ্ৰহণ কৰি আহিছে যদিও বনজ সম্পদ লুণ্ঠনকাৰীৰ তীক্ষ্ণ হাতৰ আঁচোৰত দিনক দিনে সংকুচিত হৈ আহিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সেউজ বনাঞ্চল। বনজ সম্পদ লুণ্ঠনৰাজৰ খবৰে সময়ে সময়ে সংবাদ শিৰোনাম দখল কৰি আহিছে যদিও কেৱল মাত্ৰ ৰাজ্যৰ বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ ৰহস্যজনক ভূমিকাৰ বাবেই সেউজ কাৰ্বি পাহাৰৰ পৰা বহিঃৰাজ্যলৈ অহৰহ কয়লা, বালি, শিল, চোৰাং কাঠৰ সৰবৰাহ হৈ অহা অভিযোগো দীৰ্ঘদিনীয়া।
শিলৰ কুৱেৰী আৰু অবৈধ কয়লা খননৰ জৰিয়তে জৈৱ বৈচিত্ৰ্যত কুঠাৰাঘাত কৰাৰ সমান্তৰালভাৱে অবৈধ ব্যৱসায়ীয়ে চিৰপৰিচিত কাৰ্বি আংলঙৰ ঘন জংঘলৰ মূল্যবান কাঠ কাটি তহিলং কৰাৰ লগতে নিৰ্বিঘ্নে সৰৱৰাহ কৰি আহিছে চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ ৷ আজি বোকাজান মহকুমাৰ অন্তৰ্গত হিদিপিত বন বিভাগে এখন কোণ্ডা ভৰ্তি ট্ৰাক জব্দ কৰা ঘটনাই সেউজ কাৰ্বি পাহাৰক যে একাংশ চোৰাং ব্যৱসায়ীয়ে মৰুভূমি সদৃশ কৰি তুলিছে তাক পুনৰবাৰ প্ৰমাণ কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি আজি দিনৰ প্ৰায় ৯ বজাত বোকাজান পূৱ বন সংমণ্ডলৰ অধীনৰ হিদিপি অঞ্চলৰ মোংচম এলেকাত কুলিগাঁও বিট অফিচৰ বিষয়াই এখন ট্ৰাকত বৃহৎ আকাৰৰ কোণ্ডা বোজাই কৰি আনি থকা প্ৰত্যক্ষ কৰে আৰু গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও চালকে গাড়ীখন তাতে এৰি থৈ পলায়ন কৰে। পৰৱৰ্তী সময়ত বন বিভাগে কোণ্ডাভৰ্তি ট্ৰাকখন বোকাজান পূৱ বন সংমণ্ডলৰ কাৰ্যালয়লৈ আনে আৰু গাড়ীখন তালাচী চলাই কোনো বৈধ নথি-পত্ৰ নাপাই ট্ৰাকসহ কোণ্ডাখিনি জব্দ কৰে।
বন বিভাগে এনএল-০৬-এ-২৪৫৯ নম্বৰ ছয়চকীয়া ট্ৰাকখনত প্ৰায় ২০০ ছেফটি মাকৈশাল গছৰ ১৫ টা বৃহৎ আকাৰৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। কোণ্ডাখিনি হিদিপি অঞ্চলৰ অকেহাই পৰা ডিমাপুৰলৈ বিক্ৰীৰ বাবে নি থকাৰ লগতে ইয়াৰ বজাৰ মূল্য প্ৰায় ৩০ হাজাৰ টকা বুলিও বন বিভাগৰ লোকে জানিবলৈ দিয়ে।
You might also like