আজি ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা : প্ৰতিমাত শেষ পৰশ তিতাবৰৰ মৃৎ শিল্পীৰ
নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ আজি ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। সমগ্ৰ ৰাজ্যৰ লগতে তিতাবৰ মহকুমাৰ বিভিন্ন প্ৰান্ততো ক’ভিড বিধি মানি অনুষ্ঠিত কৰিব লক্ষ্মী পূজা। ইতিমধ্যে তিতাবৰৰ মৃৎ শিল্পী সকলে সাজু কৰি তুলিছে লক্ষ্মী দেৱীৰ প্ৰতিমা। যিহেতু আজি পুৱাৰ ভাগতে গ্ৰাহকক যোগান ধৰিব লক্ষ্মী দেৱীৰ প্ৰতিমা সমূহ। তিতাবৰৰ এইখন মৃৎ শিল্পৰ বিপনীৰ পৰাই মহকুমাটোৰ বিভিন্ন প্ৰান্তলৈ যায় দেৱীৰ প্ৰতিমা। যোৱা নিশা পৰ্যন্ত অশেষ কষ্ট কৰি লক্ষ্মীৰ প্ৰতিমা সমূহ সম্পূৰ্ণ কৰি তুলিছে তিতাবৰৰ এই মৃৎ শিল্পীসকলে। যদিও ক’ভিডৰ বাবে বিগত বৰ্ষৰ তুলনাত এইবাৰ প্ৰতিমাৰ বন্দবস্ত একেবাৰে কম, তথাপি ৰাইজৰ প্ৰয়োজন অনুসৰি প্ৰতিমা যোগান ধৰিবলৈ পাই উৎসাহিত তিতাবৰৰ মৃৎ শিল্পীসকল।
Input: অজয় শইকীয়া, নগাবাট