নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেংবেং কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ ভৱনৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ৮মে:  অসম চৰকাৰৰ এপাৰ্ট আঁচনিৰ অধীনত হোজাইৰ যমুনামুখ সমষ্টিৰ চাংমাজিত ‘ৰেংবেং কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় ভৱনৰ’ আজি আধাৰশিলা স্থাপন কৰা হয় ৷

কেবা লাখটকীয়া ব্যয় সাপেক্ষে নিৰ্মান হ’বলগীয়া নৱ নিৰ্মিত ভৱন যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলে আধাৰশিলা স্থাপন কৰে ৷

আধাৰশিলা অনুষ্ঠানত হোজাই জিলাৰ, জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ মিশ্ৰ ভাগৱতী,সহকাৰী কাৰ্যবাহী অভিযন্তা (কৃষি) মুকুট ডেকা ,ৰেংবেং কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া অবিনাশ কলিতা , সহকাৰী কৃষি পৰিদৰ্শক প্ৰফুল্ল বাগলাৰি, কৃষি সম্প্ৰসাৰণ সহায়ক নুৰছাদ আহমেদ,কৃষি সম্প্ৰসাৰণ সহায়ক ৰমজান আলী ভুঞা সহ পঞ্চায়ত সভাপতি মীনাক্ষী বাগলাৰী, বিন্নাকান্দী উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি ফৰিজ উদ্দিন লস্কৰ সহ অন্যান্য অন্যান্য ব্যক্তি সকল উপস্থিত থাকে ৷

চাংমাজি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সমীপত নিৰ্মাণ হবলগীয়া এই ভৱনটি নিৰ্মাণ হোৱাৰ পিছত চাংমাজি, ভেলৌগুৰী, মদাৰতলি , ডবকা , ছাৰ্লক , বলিৰাম,যমুনামুখ,নগঞাপাম,সৰুপথাৰ আদি অঞ্চলবোৰৰ কৃষক ৰাইজ উপকৃত হব বুলি বিধায়ক জনে মন্তব্য কৰে ৷

গৃহৰ অভাৱত এই অঞ্চলৰ ৰাইজ হোজাইৰ কাৰ্যালয়ত গৈ বিভিন্ন আঁচনিৰ কৃষিজাত সামগ্ৰী আনিব লগীয়া হৈছিল।

এতিয়া এই ভৱনটো নিৰ্মাণৰ পিছত এই সমস্যাৰ পৰা অঞ্চলবোৰৰ কৃষক ৰাইজে যথেষ্ট সকাহ পাব বুলি আশা কৰা হৈছে।

  • কিশলয় ডি গোস্বামী, হোজাই
You might also like