নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেখাপানীৰ উদয়পুৰত লোমহৰ্ষক হত্যাকাণ্ড; ভিনিয়েকে দাৰে ঘপিয়াই হত্যা কৰে নিজ খুলশালিয়েকক

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত তিনি নং উদয়পুৰত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। নিজ ভিনেয়েকে দাৰে ঘপিয়াই হত্যা কৰিলে খুলশালিয়েকক।

ঘটনাৰ বিৱৰণ অনুযায়ী দেওবাৰে নিশা বায়েক আৰু ভিনীয়েকে কিবা কাৰণত তৰ্কত লিপ্ত হয় আৰু শেষত সেই তৰ্কই দুয়োৰে মাজত তুমুল কাজিয়াৰ সৃষ্টি কৰে। তেনে সময়তে কাষতে থকা খুলশালিয়েক দীপক থেৰুৱাই বায়েক-ভিনীয়েকৰ মাজৰ কাজিয়া এৰুৱাবলৈ বুলি উপস্থিত হয়। বায়েক-ভিনীয়েকৰ কাজিয়া এৰুৱাবলৈ অহা খুলশালিয়েক দীপক থেৰুৱাৰ সৈতে ভিনিয়েকৰ বাক-বিতণ্ডাই সৃষ্টি হয় আৰু শেষত খুলশালিয়েক আৰু ভিনিয়েকৰ মাজৰ সেই বাক-বিতণ্ডাই এক অন্য ৰূপ লয়। পৰিনতিত ভিনীয়েক প্ৰকাশ কাচৰয়ে এখন চোকা দাৰে ঘৰৰ কাষতে থকা উপ-পথ এটাত দীপক থেৰুৱাক টানি আনি ঘপিয়াই প্ৰহাৰ কৰে। ফলত দাৰ ঘাপত দীপক থেৰুৱাৰ শৰীৰ ক্ষত-বিক্ষত হৈ পৰাত ২৫বছৰীয়া দীপক থেৰুৱাৰ থিতাতে মৃত্যু হয়।

ঘটনা সংঘটিত কৰিয়েই হত্যাকাৰী প্ৰকাশ কাচৰ পলাই যাবলৈ সক্ষম হয় যদিও আজি পুৱা লেখাপানী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত লেখাপানীৰ বাৰ্মা কেম্পৰ পৰা দুৰ্বৃত্ত প্ৰকাশ কাচৰক আটক কৰিবলৈ সক্ষম হয়। আনহাতে দীপক থেৰুৱাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সমগ্ৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

You might also like