নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠীয়া সিঁচিবলৈ যাওঁতে বকোত বজ্ৰ পৰি এজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৪ জুন : কামৰূপ জিলাৰ বকোৰ জোঙাখুলিত আজি পুৱা খেতিপথাৰত কাম কৰি থকা অৱস্থাত বজ্ৰ পৰি এজন লোকৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে, জোঙাখুলিৰ কছাৰীপাৰাৰ জিৰণ বড়োৱে পথাৰত পুৱা কঠীয়া সিঁচিবলৈ পথাৰলৈ গৈছিল আৰু প্ৰায় ৭ বজাত অহা বতাহ, ধুমুহা-বৰষুণৰ লগতে বজ্ৰ পৰি মৃত্যুমুখত পৰে। স্থানীয় ৰাইজে গম পাই জিৰণ বড়োক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বকো আৰক্ষীয়ে দিনৰ ভাগত মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে আৰু বিয়লি ভাগত জোঙাখুলি গাৱঁৰ ৰাইজে জিৰণ বড়োৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰে। জানিব পৰা মতে জিৰণ বড়ো পত্নী, এজনী ছোৱালী আৰু দুজন পুত্ৰৰ সৈতে বাস কৰিছিল আৰু এজন ভাল খেতিয়ক আছিল। জিৰণৰ মৃত্যুত অঞ্চলতোত শোকৰ ছাঁ পৰাৰ লগতে ৰাইজে চৰকাৰৰ পৰা পৰিয়ালটোৰ বাবে সহায় সাহাৰ্য্য আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like