নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিবাচক : কামপুৰত ৪৫ বছৰ পূৰ্বৰ ১০ টকা ধাৰ পৰিশোধ মংগল শ্বেখৰ

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ যিটো সময়ত ঋণ লৈ বহুতে ঋণ পৰিশোধ নকৰে বা মানুহক ঠগে, সেই সময়তে ৮০ ঊৰ্ধ্বৰ এজন মুছলমান সম্প্ৰদায়ৰ লোকে পৰিচয় দিছে কৰ্তব্যনিষ্ঠাৰ। প্ৰায় ৪৫ বছৰৰ পূৰ্বে ধাৰলৈ লোৱা ১০ টকা পৰিশোধ কৰিবলৈ গৈ এজন বৃদ্ধই বুজাই দিলে কৰ্তব্যনিষ্ঠা আৰু দায়িত্ববোধ। ১৯৭৯ চনৰ কথা। আৰম্ভ হৈছিল অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। সেই সংগ্ৰামৰ সময়চোৱাত আত্মৰক্ষাৰ বাবে কামপুৰ মুগাছুঙীয়া গাঁৱৰ যোগেন্দ্ৰনাথ বৰাৰ ঘৰত এৰাতি আশ্ৰয় গ্ৰহণ কৰিছিল মংগল শ্বেখৰ লগতে আন কেইবাজনো মুছলমান সম্প্ৰদায়ৰ লোকে। তেতিয়া মংগল শ্বেখে যোগেন্দ্ৰনাথ বৰাৰ পৰা ধাৰলৈ লৈছিল মাত্ৰ ১০ টকা আৰু গমন কৰিছিল অন্য স্থানলৈ। সুদীৰ্ঘ প্ৰায় ৪৫ বছৰৰ পাছত তেতিয়াৰ ১০ টকাটোৰ আজিৰ মূল্য লক্ষাধিক হব বুলি ভাবি হাতত দহ হাজাৰ টকা লৈ আজি যোগেন্দ্ৰনাথ বৰাৰ ঘৰত উপস্থিত হ’ল বৰ্তমান বটদ্ৰৱাৰ বাসিন্দা মংগল শ্বেখ। ইতিমধ্যে স্বৰ্গগামী হোৱা যোগেন্দ্ৰনাথ বৰাৰ পুত্ৰ নগেন বৰাৰ সন্মুখত টকা দহ হাজাৰ আগবঢ়াই দি সমগ্ৰ ঘটনা বৰ্ণনা কৰাত সৃষ্টি হ’ল আবেগিক পৰিৱেশৰ; সেমেকি উঠিল সকলোৰে দুচকু। ইছলামত ঋণ পৰিশোধ নকৰাটো পাপ বুলি কৈ মংগল শ্বেখে দহ হাজাৰ টকাটো গ্ৰহণৰ বাবে অনুৰোধ জনাইছিল যদিও যোগেন্দ্ৰনাথৰ পুত্ৰই সেই ধন লবলৈ অমান্তি হয়। কিন্তু নিজ দায়িত্ব-কৰ্তব্যত সচেতনতাৰ পৰিচয় দিয়া মংগল শ্বেখৰ আদৰ্শৰ প্ৰতি সন্মান জনাই কেৱল দহ টকাটোহে যোগেন্দ্ৰনাথৰ পুত্ৰই গ্ৰহণ কৰে। দুয়োজনৰ এই আদৰ্শ সকলোকে সকলোৱে আদৰণি জনাইছে।
প্ৰেৰক সমৰেন্দ্ৰ নাৰায়ণ বৰা
You might also like