নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্র নেতাৰ মহানুভৱতা: নিজৰ ফার্মত উৎপাদিত সামগ্রী বিলালে দুখীয়াৰ মাজত

নিয়মীয়া বাৰ্তা, ৩ মেঃ ক’ৰোনা ভাইৰাছৰ ফলত দেশত লকডাউন চলি থকাত স্বাভাৱিকতেই একাংশ লোক বিপদত পৰিছে৷ বিশেষকৈ নিতৌ দিন হাজিৰা কৰি চলা লোকসকলৰ লগতে কৃষক, চালকসকলৰ মাজত ভীষণ খাদ্য সংকটে দেখা দিছে৷

এই সংকটৰ সময়তে সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কার্যনির্বাহক তথা নলবাৰী চহৰৰ সমীপৱর্তী নলবাৰী ৰে’ল ষ্টেচনৰ উত্তৰ দিশে অৱস্থিত উদয়পুৰ গাঁৱৰ বাসিন্দা ভৱজিৎ বেজবৰুৱাই এনে দুর্যোগৰ সময়ত কিনি খাবলৈ সক্ষম নোহোৱা দুখীয়া পৰিয়ালৰ মাজত নিজে গঢ়ি তোলা কৃষি ফার্মৰ উৎপাদিত কেঁচা শাক–পাচলি যোগান ধৰে৷

উল্লেখনীয় যে ছাত্র নেতাগৰাকীয়ে স্বাৱলম্বনৰ কথা চিন্তা কৰি ধীমান শর্মা, বিশ্বজিৎ ভৰালী, মতলেব আলী, দেৰাজ আলী আৰু হৰগোবিন্দ তালুকদাৰক সহযোগী হিচাপে লৈ জিলাখনৰ গোৱৰাদলৰ সমীপৰ ষাঠিকুছিত আৰম্ভ কৰিছিল এখন কৃষি ফার্ম৷ প্রায় ২৫ বিঘা কৃষিভূমিত ছাত্র নেতাগৰাকী আৰু তেওঁৰ সহযোগীসকলে আলু, সৰিয়হ, ৰঙালাউ, ধনিয়াৰ উপৰি বাৰিষাৰ বতৰত হোৱা কেঁচা শাক–পাচলি উৎপাদন কৰিবলৈ সক্ষম হয়৷

তাৎপর্যপূর্ণভাৱে যোৱা ২৪ মার্চৰ সন্ধিয়াৰ পৰা মহামাৰী ক’ভিড–১৯ সংক্রমণ ৰোধৰ বাবে চৰকাৰে তলাবন্ধ ঘোষণা কৰাত উৎপাদিত শাক–পাচলি বিক্রী কৰাৰ পৰিৱর্তে প্রগতিশীল চিন্তাৰ যুৱককেইজনে উৎপাদিত শাক–পাচলি আৰু ৰঙালাউসমূহ বৃহত্তৰ অঞ্চলটোৰ একাংশ দুখীয়া পৰিয়ালৰ মাজত বিতৰণ কৰি লকডাউনৰ কবলত থাকি কর্মহীন হৈ পৰা তথা দৈনিক মজুৰিৰে পৰিয়াল পোহপাল দিয়া লোকসকলক যথেষ্ট সকাহ দিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে নিজৰ লগতে সমাজখনক কিছু আর্থিক সকাহ দিয়াৰ উদ্দেশ্যে গঢ়ি তোলা কৃষি ফার্মখনৰ উৎপাদিত কেঁচা শাক–পাচলি দুর্যোগৰ সময়ত দুখীয়া পৰিয়ালৰ মাজত বিতৰণ কৰা কার্যক সচেতন লোকসকলে প্রশংসা কৰিছে৷ তদুপৰি লকডাউনৰ ফলত কেঁচা শাক–পাচলিৰ অভাৱত থকা দুখীয়া পৰিয়ালসমূহে ছাত্র নেতগৰাকীৰ লগতে তেওঁৰ সহযোগী লোককেইজনৰ এনে কার্যক প্রশংসা কৰাৰ লগতে তেওঁলোকে দেখুওৱা মহানুভৱতাৰ শলাগ লৈছে৷

You might also like