নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্দেহযুক্ত নাগৰিকৰ কবলত লামডিং বনাঞ্চল

নিয়মীয়া বাৰ্তা ৩১ মেঃ লামডিং সংৰক্ষিত বনাঞ্চল বন্যহস্তীৰ প্রকল্প ৰূপে ঘোষিত হোৱাৰ লগতে মূল্যৱান বিভিন্ন প্রজাতিৰ কাঠৰ বাবে বিশেষকৈ চেগুন গছৰ বাবে বিখ্যাত৷ লংকাৰ পৰা লামডিঙলৈ গ’লেই ৫৪নং ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষেই দেখিবলৈ পোৱা যায় লামডিং সংৰক্ষিত বনাঞ্চলৰ সেউজীয়া ৰূপ৷ কিন্তু দুর্ভাগ্যৰ কথা এই যে লামডিং সংৰক্ষিত বনাঞ্চলৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই আনিছে বেদখলকাৰীয়ে৷ সন্দেহযুক্ত নাগৰিকে বনাঞ্চলখনৰ ভিতৰত বনাঞ্চল ধ্বংস কৰি বেদখল কৰিছে শ শ হেক্টৰ ভূমি৷ স্থাপন কৰিছে এখনৰ পাছত এখন গাঁও৷ বনাঞ্চলৰ মাজত নির্মাণ কৰিছে মছজিদ, গঢ়ি তুলিছে বজাৰ আদিও৷ ইয়াৰ বাবে কাটি তহিলং কৰি গৈছে এফালৰ পৰা বনাঞ্চলৰ মূল্যৱান গছ–গছনি৷ বিশেষকৈ বনাঞ্চলখনৰ কমাৰপানী অঞ্চলত বেদখলকাৰীয়ে চলাইছে ভয়ংকৰ আগ্রাসন ৷

যাৰ বাবে হস্তী প্রকল্প ৰূপে ঘোষিত লামডিং বনাঞ্চলখনত বন্য হস্তীৰ বাবেও নামি আহিছে তীব্র সংকট৷ প্রায় ২৬,০০০ বর্গকিলেমিটাৰ মাটিকালি এলেকাৰ বনাঞ্চলখনৰ ২৫০ৰ পৰা ৩০০ হেক্টৰ ভূমিত বেখলকাৰীয়ে বেদখল কৰাৰ কথা স্বয়ং বন বিভাগে স্বীকাৰ কৰিছে৷ কিন্তু সেই পৰিমাণতকৈ বহু বেছি বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ কবলত আছে৷ বেদখলকাৰীয়ে বনাঞ্চলৰ মাটি দখল কৰাৰ লগতে দখল কৰা মাটি ধনৰ বিনিময়ত এটা দালালৰ দলে বিক্রী কৰি ন ন সন্দেহযুক্ত মানুহক সংস্থাপিত কৰি আহিছে বনাঞ্চলখনত৷বনাঞ্চলৰ গছ–গছনি কাটি, জুই লগাই উর্বৰা মাটিত হালধি, জলকীয়া খেতি কৰি জীৱিকা অর্জন কৰা বেদখলকাৰীয়ে নিতৌ অব্যাহত ৰাখিছে বেদখলকার্য৷বনাঞ্চলৰ ন ন মাটিত দখলকার্য চলাই গৈছে৷

বেদখলকাৰীৰ এনে কার্যৰ বিৰুদ্ধে মাত মতা আনকি ফটো আদি তুলিবলৈ গ’লেও বেদখলকাৰীৰ ৰোষৰ বলি হ’বলগা হয়৷ ২৪ মে’ত বনাঞ্চলৰ কমাৰপানী অঞ্চলত বেদখলকাৰীৰ এনে কার্যৰ প্রতিবাদ কৰোঁতেই চার্কেবস্তি জেএফএমচিৰ সদস্যৰ ১১খনকৈ বাইক ভাঙি চূৰমাৰ কৰি পেলোৱাৰ লগতে ৪জনকৈ সদস্যক ৰডেৰে মাৰি আহত কৰে বেদখলকাৰীয়ে৷ ২০১৬ চনতে কংগ্রেছৰ তৰুণ গগৈৰ চৰকাৰৰ দিনত বনাঞ্চলখনৰ কমাৰপানী অঞ্চলত শেষবাৰ উচ্ছেদ চলোৱা হৈছিল৷

You might also like