লামডিঙত প্ৰচণ্ড শীতে প্ৰাণ ল’লে আৰু এগৰাকীৰ; মৃত্যুৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি
- লামডিঙৰ স্বেচ্চাসেৱী সংস্থাই বিতৰন কৰিলে শতাধিক কম্বল
নিয়মীয়াবাৰ্তা, ৭ জানুৱাৰী :- হাড় কপোৱা শীতেই যেন এতিয়া কাল হৈ পৰিছে একাংশ পথচাৰী তথা দৰিদ্ৰৰ বাবে ৷ লামডিঙত এই প্ৰচণ্ড শীতে প্ৰাণ কাঢ়িছে এজনৰ পিছত আনজনৰ ৷ নিশা হ’লে লামডিঙৰ তাপমাত্ৰা ১১-১০ ডিগ্ৰীলৈ নামি আহে ৷ যাৰ ফলত মুকলি আকাশৰ তলত নিশা কটোৱা একাংশৰ বাবে সন্ত্ৰাসৰ সৃষ্টি হৈ পৰিছে পুহ মহীয়া এই শীতৰ নিশা ৷ যাৰ ফলত এজনৰ পিছত আনজনে প্ৰাণ হেৰুৱাব লগা হৈছে বহুলোকে ৷ লামডিং ৰেলৱে ষ্টেচনত যোৱা নিশা পুনৰ এগৰাকী মহিলাৰ মৃত্যু হেৱাৰ সন্দেহ ৰেল আৰক্ষীৰ ৷ ষ্টেচনটোৰ ১ নং প্লেটফৰ্মৰ পৰা ৰেল আৰক্ষীয়ে নিশা দুৰ্গা চক্ৰৱৰ্তী নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে ৷ লামডিঙত এজনৰ পিছত আনজন মগনীয়াৰ কৰুন মৃত্যু ঘটিছে ৷ লামডিং ৰেলৱে ষ্টেচনত হাড় কপোৱা শীতৰ প্ৰকোপত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়ালৈকে ৪জনলৈ বৃদ্ধি পাইছে ৷ বিগত মাহৰ ৩১ তাৰিখে এগৰাকী, চলিত মাহৰ ৪ তাৰিখে দুগৰাকী আৰু যোৱা নিশা এগৰাকীৰ মৃত্যুৰ হয় ৷ শীত মানেই যেন এতিয়া অভিশাপ হৈ পৰিছে ষ্টেচনসমূহত থকা দৰিদ্ৰসকলৰ বাবে ৷ লামডিঙত শীতৰ বাবে মৃত্যুক সাৱতি ল’ব লগীয়া ঘটনাৰ বাতৰি একেৰাহে সম্প্ৰচাৰ হোৱা পিছতেই সহায়ৰ হাত আগবঢ়াবলৈ নিশাৰ ভিতৰতে উলাই আহিল লামডিং স্বেচ্চাসেৱী সংস্থা ফ্রেন্ডস অফ লামডিং নামৰ সংগঠনটো ৷ সংস্থাটোৰ সদস্য সকলে লামডিং জংচনৰ প্ৰতিজন দৰিদ্ৰ লোকলৈ শীতৰ পৰা পৰিত্ৰান পাবলৈ একোখনকৈ কম্বল বিতৰন কৰে ৷ শতাধিক কম্বল বিতৰন কৰি কিছু পৰিমানে ঠাণ্ডাৰ পৰা লোক সকলক সকাহ দিবলৈ চেষ্টা চলালে সংগঠনটোৱে ৷ আনফালে লামডিঙত এনে মৰ্মান্তিক ঘটনাক দুখ প্ৰকাশ কৰিলে স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মীসকলে ৷