নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ পৰাও খেলিব লুৰিণে, ৫০টা সমষ্টিত প্রার্থী

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: নব্যগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে আজি দ্বিতীয়খন প্রার্থী তালিকা ঘোষণা কৰিছে৷ ৰাইজৰ দলৰে হোৱা মিত্রতাৰ কার্যতঃ যৱনিকা পেলাই দলটোৱে ৫০টা বিধানসভা সমষ্টিৰ বাবে প্রার্থীৰ নাম ৰাজহুৱা কৰে৷ এই প্রার্থী তালিকাৰ পৰা নিশ্চিত হৈছে যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দুলীয়াজানৰ লগতে নাহৰকটীয়া সমষ্টিৰ পৰাও প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

আন আন সমষ্টিৰ প্রার্থীসকল হৈছে– পাথাৰকান্দিত হুমায়ুন কবীৰ, ঢলাইত ৰাম ৰতন ডুচান্দ, উদাৰবন্দত আইমুল হক লস্কৰ, লক্ষীপুৰত আলিমুদ্দিন মজুমদাৰ, কাটিগড়াত সাধনবাবু সিনহা, ধুবুৰীত আজাদ আলী শ্বেইখ, গৌৰীপুৰত আৰিফুল ইছলাম, গোলোকগঞ্জত মনোজ কুমাৰ ৰয়, পূব বিলাসীপাৰাত ড০ কানুলাল দাস, বঙাইগাঁৱত দীপু চৌধুৰী, বিজনীত ৰূপম কুমাৰ দাস, পূব গোৱালপাৰাত ইমদাদ হুছেইন, পশ্চিম গোৱালপাৰাত ছফিউৰ ৰহমান, পাটাছাৰকুছিত পবিন্দ্র ডেকা, ছয়গাঁৱত দেৱজিৎ অধিকাৰী, পলাশবাৰীত পংকজলোচন দেৱগোস্বামী, পূব গুৱাহাটীত অদীপ কুমাৰ ফুকন, হাজোত দুলু আহমেদ, ৰঙিয়াত ড০ বাবুল চহৰীয়া, নলবাৰীত নগেন ডেকা, বৰক্ষেত্রীত পুলকেশ বৰুৱা, ধর্মপুৰত ড০ শিখৰ কুমাৰ শর্মা, বৰছলাত উপেন ৰাজনাথ, তেজপুৰত জানমণি বৰা, বিশ্বনাথত দুলদুল বৰকটকী, বিহালীত অঞ্জন উপাধ্যায়, গহপুৰত ড০ গোপাল ফুকন, জাগীৰোডত বুবুল দাস, মৰিগাঁৱত বাণীকান্ত দাস, লাহৰীঘাটত শ্বমজিদা য়াছমিন, ৰহাত উৎপল বণিয়া, চামগুৰিত আবিদুৰ ৰহমান, কলিয়াবৰত মুকুল বৰুৱা, লামডিঙত মৌচুমী শর্মা, গোলাঘাটত ৰীণা শইকীয়া, যোৰহাটত নিৰোদ চাংকাকতি, মাজুলীত শিশুধৰ দলে, তিতাবৰত শৈলেন্দ্র কুমাৰ হাজৰিকা, মৰিয়নিত অলক ঘোষ, আমগুৰিত চন্দ্র বৰুৱা, মাহমৰাত মাণিক গগৈ, সোণাৰিত গৌতম হাতীমূৰীয়া, নাওবৈচাত পুতলী কায়স্থ, লখিমপুৰত ৰঞ্জন বৰপাত্রগোহাঁই, মৰাণত সঞ্জীৱ চাংমাই, লাহোৱালত লিখন বৰুৱা, টিংখাঙত মিলন সোণোৱাল, চাবুৱাত ৰাফেল কুজুৰ আৰু ডুমডুমাত সুৰেশ ভূমিজ৷

ইয়াৰ পূর্বে অসম জাতীয় পৰিষদে ১৮জনীয়া প্রথমখন প্রার্থী তালিকা ঘোষণা কৰিছিল৷ অজাপই প্রার্থিত্ব দিয়া ধিং, বিহপুৰীয়া আৰু ৰঙাপৰা সমষ্টিৰ বাবে কালি ৰাইজৰ দলেও প্রার্থীৰ নাম ঘোষণা কৰে৷ তাৰ পৰাই মিত্রজোঁট আৰম্ভ হোৱা কেৰোণ স্পষ্ট হৈ পৰিছিল৷ দেওবাৰে এই সংঘাতক অধিক স্পষ্ট ৰূপ দি অসম জাতীয় পৰিষদে ৰাইজৰ দলে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া তেজপুৰ, ৰহা, চাবুৱা, মৰাণ, মাহমৰা আদি সমষ্টিৰ বাবে নিজৰ প্রার্থীৰ নাম ঘোষণা কৰে৷ ইয়াৰ লগে লগে কার্যতঃ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্রতাৰো যৱনিকা পৰিল৷

You might also like