নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত কলম – কেমেৰা এৰি হাতত দা – কটাৰীলৈ সাংবাদিক ৰাজপথত

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ- কলম – কেমেৰা এৰি সাংবাদিকৰ হাতত দা – কটাৰী । মাৰ্ঘেৰিটাৰ ৰাজপথত এই দৃশ্য পৰিলক্ষিত হয় আজি । কিয় সাংবাদিকৰ এই ৰূপ । এইয়া জানিবলৈ সমূৰ্ণৰূপত পঢ়ক এই বাতৰিটো । ৰাজ্যখনৰ অন্যতম গুৰুত্বপূৰ্ণ নগৰ মাৰ্ঘেৰিটা । কাষতে অৰুণাচল প্ৰদেশৰ চাংলাং – টিৰাপ জিলা । আন্তঃৰাজ্যিক গুৰুত্বতা থকা জাগুন – লিডু হৈ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেদি মাৰ্ঘেৰিটা নগৰলৈ সোমোৱাৰ বা তিনিচুকীয়াৰ পৰা মাৰ্ঘেৰিটা নগৰৰ সীমাত নিউ কলনি নামে ঠাইখন । চেইন্ট মেৰিছ স্কুল পাৰ হৈয়ে সৎসঙ্গ বিহাৰ নামৰ ধৰ্মীয় অনুষ্ঠানটো । এই অনুষ্ঠানৰ চৌহদৰ পকীবেৰ মাহেকে – পষেকে নিয়মিত ভাঙে । ইয়াৰ কাৰণ বছৰ বছৰ ধৰি হৈ অহা দুৰ্ঘটনা । অজস্ৰজনে উক্ত স্থানত দুৰ্ঘটনাত পতিত হৈছে । কিন্তু অতি পৰিতাপৰ কথা উক্ত পথছোৱা বা টাৰ্ণিংটো মৰণফাণ্ড হিচাপে বছৰ বছৰ ধৰি পৰিণত হৈ আহিছে যদিও চৰকাৰ – প্ৰশাসনৰ কাণসাৰ নাই । আজি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উদ্যোগত তথা সৎসঙ্গ বিহাৰ কমিটিৰ সহযোগত গ্ৰহণ কৰা হয় এক ছাফাই অভিযান তথা সতৰ্কতামূলক কাৰ্যসূচী । সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ, সাধাৰণ সম্পাদক প্ৰশান্ত চেতিয়া, উপ সভাপতি সমীৰণ বৰঠাকুৰ, যুটীয়া সম্পাদক তপন দে, কোষাধ্যক্ষ ফাইজুৰ ৰহমান, মুখপাত্ৰ মানস প্ৰতিম গগৈ, সাংগঠনিক সম্পাদক মিঠুন বৰুৱা আদিৰ নেতৃত্বত পুৱা ৮ বজাৰ পৰা চলোৱা হয় ছাফাই অভিযান । পথটোৰ দুয়োকাষে থকা হাবি জংঘল কাটি চাফ – চিকুণ কৰা হয় । লগতে গাড়ী লাহে লাহে চলাবলৈ আহ্বান জনায় বেনাৰ পোষ্টাৰ লগোৱা হয় । উক্ত স্থানত থকা পকী ব্ৰীজখন ৰং কৰা হয় । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ পদক্ষেপৰ শলাগ লয় । তেওঁ চৰকাৰ প্ৰশাসনক অতিশীঘ্ৰে এই স্থানত সতৰ্কতামূলক ব্যৱস্থা হাতত ল’বলৈ আহ্বান জনায় উল্লেখ্য যে – এই সম্পৰ্কে মাৰ্ঘেৰিটা মহকুমাধিপতিক মাৰ্ঘেৰিটা সাংবাদিক সংস্থা আৰু সৎসঙ্গ বিহাৰ কমিটিয়ে সবিশেষ জনাই পৃথকে পৃথকে স্মাৰকপত্ৰ দাখিল কৰিছিল । কিন্তু এপষেকৰ পাছতো কোনো ব্যৱস্থা নহ’ল । অৱশ্যে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ এটি প্ৰতিনিধি দলে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰাত ইতিমধ্যে তেওঁ দুয়োকাষে লাইট লগোৱাৰ নিদেৰ্শ দিছে ।

You might also like