মাৰ্ঘেৰিটাত অবৈধ বালি কঢ়িওৱা ট্ৰাকৰ খুন্দাত মহিলাৰ মৃত্যু
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ- অবৈধ বালি কঢ়িওৱা ট্ৰাকৰ সন্ত্ৰাসে বৃহস্পতিবাৰে এগৰাকী মহিলাক খুন্দা মৰাৰ ফলত থিতাতে নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত আগবন্ধা- কেটেটং পথত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী ১৮ মহীয়া কেছুৱাৰ মাতৃ থিতাতে নিহত হয়। জানিব পৰামতে, মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত আগবন্ধা কেটেতং পথত এ এচ ২৩ ডি ১৯৬৪ নম্বৰৰ অবৈধ বালি ভৰ্তি এখন ট্ৰাকক একে দিশৰ পৰা অহা এ এচ ২৩ জি ৩১৯৬ নম্বৰৰ এখন মটৰ চাইকেলেৰে অতিক্ৰমি যাবলৈ চেষ্টা কৰোতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।নিহত মহিলা গৰাকী হৈছে ডিগবৈ নাহৰকটীয়া গাৱৰ বাসিন্দা উৎপল বৰাৰ পত্নী তথা এটি ১৮ মহীয়া সন্তানৰ মাতৃ নিতুমণী শইকীয়া(২০)।
উল্লেখ্য যে,মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত কেটেতং বৰফাকিয়াল চাইনা বুঢ়ীদিহিং ঘাটৰ পৰা অবৈধ ভাৱে বালি সংগ্ৰহ কৰি আনি থকা ট্ৰাক খনত কেটেটঙৰ পৰা বিয়া খাই একেখন মটৰ চাইকেলত আহি থকা অৱস্থাত ট্ৰাকখন পাৰ হ’বলৈ লওতেই এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়।ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ চালক সহ ট্ৰাক খন আৰু মটৰ চাইকেল খন জব্দ কৰাৰ লগতে আহত উৎপল শইকীয়া আৰু কেছুৱাটি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে মৃতদেহ চমজি লৈ মৰণোত্তৰ বাবে পঠোৱাৰ ব্যৱস্থা কৰিছে। অন্যহাতে বৰফাকিয়াল চাইনা বুঢ়ীদিহিং ঘাটৰ অবৈধ বালি বেহাৰ লগতে সমগ্ৰ মাৰ্ঘেৰিটাত চলি থকা অবৈধ বালি বেহা বন্ধ কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে। দীৰ্ঘদিনে মাৰ্ঘেৰিটা একাংশ বালি মাফিয়াই ৰমৰমীয়া বেহা চলাই অহাৰ বিপৰিতে বিভিন্ন সময়ত সংঘটিত হোৱা পথ দুৰ্ঘটনাত বিভিন্ন জনে অকাল মৃত্যু হোৱাৰ লগতে বহুজনে চিকিৎসালয়ে শেষ ঠিকনাৰ দৰে শোকবহ দিন অতিবাহিত কৰিব লগা হৈছে । নিতুমণিৰ মৃত্যুত ডিগবৈ নাহৰকটীয়া গাঁওত শোকৰ ছাঁ পৰিছ।