নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক আঁহতগুৰি-দেওবালিত গোনা ম’হৰ যুঁজে আমোদ দিলে দৰ্শকক

নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ “ম’হৰ শিং একোৰা, ম’হৰ শিং বেঁকোৰা, ম’হৰ শিং ভাঙিলে যুঁজত; ম’হ ৰখা গোৱালক, জোকাই তই নল’বি, নাকটি চিঙিব কোবত–” চহা অসমীয়া কৃষক গোৱালসকলক কৃষি কৰ্মত আত্মনিয়োগ কৰিবলৈ অনুপ্ৰেৰণা যোগাই অহা এনেবোৰ ম’হ গোৱালৰ গীতে অসমীয়া লোক পৰম্পৰা তাহানিৰ পৰা ৰক্ষা কৰি আহিছে।

বিশেষকৈ অসমীয়া জাতিৰ বাপতি সাহোন ভোগালী বিহুৰ সময়ত অনুষ্ঠিত ম’হ যুঁজে দৰ্শকসকলক আমোদ দি আহিছে। আঁঠুৰ মূৰত চুৰিয়া পিন্ধি কান্ধত গামোচা আৰু ৰঙা কাপোৰৰ মোনা আৰু হাতত গোৱাল লাঠী লৈ এখন ভৰিৰে নাচি নাচি যুঁজলৈ অনাৰ দৃশ্য অতিকৈ আকৰ্ষণীয়।

এই ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি পূৰ্বৰ দৰে  মাঘৰ পহিলা দিনটোতে গোনা ম’হৰ যুঁজত কঁপি উঠিল মধ্য অসমৰ আঁহতগুৰি আৰু দেওবালি পথাৰ। অসমীয়া জাতীয় পৰম্পৰা ৰক্ষা কৰি শুক্ৰবাৰে ম’হ গোৱালে অনুষ্ঠিত কৰিলে ম’হযুঁজ। কিছু বছৰৰ আগতে উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছত অসমীয়া জাতিৰ পৰম্পৰাগত বুলবুলি যুঁজ, ম’হ যুঁজ , গৰু যুঁজ ইত্যাদি পৰম্পৰাত আঘাত হানিছিল উক্ত নিৰ্দেশটোৱে।

কিন্তু ন্যায়ালয়ৰ আদেশক সন্মান জনাই আনুষ্ঠানিকভাৱে ম’হযুঁজ প্ৰতিযোগিতাৰ পৰিৱৰ্তে মধ্য অসমৰ ৰহাৰ দেওবালি আৰু আঁহতগুৰিত ম’হ গোৱালসকলে নিজে নিজে পাতিলে ম’হযুঁজ । দেওবালিৰ কলংপৰীয়া আঞ্চলিক ম’হযুঁজ পথাৰত ১৫ হাল আৰু আঁহতগুৰিত লক্ষ্মীনাথ বেজবৰুৱা ম’হযুঁজ পথাৰত ২৫ হাল গোনা ম’হৰ যুঁজত কঁপি উঠিল মধ্য অসমৰ বাকৰি।

এই ম’হ যুঁজ চাবলৈ আজি লোকে লোকাৰণ্য হৈ পৰে সমগ্ৰ অঞ্চল। কি ডেকা, কি গাভৰু  ; স্হানীয় ৰাইজৰ লগতে দূৰ দূৰণিৰ পৰা অহা শ শ বুঢ়া-ডেকা,পুৰুষ-মহিলাই খেল পথাৰত উপস্থিত হৈ জাতীয় পৰম্পৰাগত ম’হযুঁজ উপভোগ কৰিলে। উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বাপতি সাহোন ভোগালী বিহুত মধ্য অসমত ম’হ যুঁজে বিশেষভাৱে সকলো লোককে আকৰ্ষিত কৰি আহিছে।

উল্লেখ্য যে এইবাৰ ৪৯ বছৰত উপনীত হোৱা ঐতিহাসিক আঁহতগুৰি ম’হযুঁজ আৰু ভোগালী উৎসৱৰ পহিলা মাঘৰ নিশা কন্ঠশিল্পী কুসুম কৈলাসে গীত পৰিৱেশন কৰিব।

You might also like