মাজবাটৰ লামাবাৰীত দেৱীচৰণ লোহাৰৰ কেন্দ্ৰীয় স্মৃতি চাৰণ সভা; স্মৰণিকা উন্মোচন
নিয়মীয়া বাৰ্তা, ২১ডিচেম্বৰ: সদৌ অসম আদি বাসী ছাত্ৰ সন্থা (আছা)ৰ মাজবাট আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি আৰু সদৌ অসম কৰ্মকাৰ লোহাৰ সম্প্ৰদায় সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা সম্প্ৰদায় টোৰ এগৰাকী বৰ্ষীয়ান নেতা দেৱীচৰণ লোহাৰৰ স্মৃতি চাৰণ সভা আজি লামাবাৰী মজদুৰ সংঘৰ প্ৰাংগণত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত হয়। সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত এই স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়। সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা সভাত প্ৰয়াত দেৱী চৰণ লোহাৰৰ আত্মাৰ চিৰ শন্তিৰ বাবে বাইবেল, গীতা পাঠ কৰাৰ লগতে গায়ত্ৰী মন্ত্ৰ আৰু শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ প্ৰাৰ্থনা গীত গোৱা হয় । ইয়াৰ পিছতে সম্প্ৰদায়টোৰ বৰ্ষীয়ান নেতা গৰাকীৰ কৰ্ম জীৱনক লৈ ইছমাইল টাক্ৰীৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা এখন স্মৃতি কথাৰ সংকলন (স্মৰণিকা) আনুষ্ঠানিকভাৱে উন্মোচন কৰে মাজবাটৰ বিশিষ্ট নাগৰিক নিৰঞ্জণ বৰাই । সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আচিক কৰ্মকাৰে আঁত ধৰা উক্ত স্মৃতি চাৰণ অনুষ্ঠানত সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজৰ কেন্দ্ৰীয় সভাপতি নবীন কৰ্মকাৰ, উপদেষ্টা চিমচন কৰ্মকাৰ, মাজবাটৰ বিশিষ্ট নাগৰিক বীৰেণ চন্দ্ৰ নাথকে ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লৈ দেৱীচৰণ লোহাৰৰ কৰ্ম জীৱন আৰু সমাজ -সম্প্ৰদায়ৰ প্ৰতি থকা অৰিহণা কথা উল্লেখ কৰি জনপ্ৰিয় নেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত এই স্মৃতিচাৰণ অনুষ্ঠানত ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লক্ষীমপুৰ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, বাক্সা, চিৰাং আদি জিলাৰ প্ৰতিনিধিও উপস্থিত থাকে ।