মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আজাদি বা অমৃত মহোৎসৱ উদযাপন
নিয়মীয়া বাৰ্তা,১০ মাৰ্চ : মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পূৱ মাজুলী মহাবিদ্যালৰ চৌহদৰ প্ৰেক্ষাগৃহত আজি ১০ মাৰ্চত আজাদি বা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। ঊনবিংশ শতিকাৰ অসমৰ স্বাধীনতা যুঁজাৰু-গোমধৰ কোঁৱৰ পৰা মণিৰাম দেৱান (19th Century Freedom Fighters of Assam- Gomdhar Konwar to Maniram Dewan) বিষয়ত অনুষ্ঠিত কৰা আলোচনা চক্ৰখনৰ আঁত ধৰে বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক অৰ্নিবান দত্তই। আলোচনা চক্ৰ খনৰ শুভ উদ্বোধন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিশিষ্ট পণ্ডিত ড: ডম্বৰুধৰ নাথে। ড: নাথে ভাৰতীয় স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা, স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু পৰিশ্ৰম আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ বিকাশত বিভিন্ন আঞ্চলিক ভাষা – সাংস্কৃতিক ভূমিকা সম্পৰ্কে ব্যতিক্ৰম ধৰ্মী চিন্তাৰে এলানি বক্তৃতা আগবঢ়ায়। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পূব মাজুলী মহাবিদ্যালয়ৰ নৱ নিযুক্ত অধ্যক্ষ দীপক বৰা। বৰা ই তেখেতৰ বহুমূলীয়া ভাষনত আলোচনা চক্ৰৰ বিষয়বস্তুৰ গুৰুত্ব ওপৰত তাৎপৰ্যপূৰ্ন ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পৰৱৰ্তী পৰ্য্যায়ত বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপিকা গিতাশ্ৰী গগৈয়ে আলোচনা চক্ৰখনিৰ সঞ্চালকৰ দ্বায়িত্ব গ্ৰহণ কৰে। বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা আলোচনা চক্ৰখনিৰ সাৰুৱা ভাষণেৰে শলাগৰ শৰাই আগবঢ়াই বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিক ৰাহুল কলিতাই।