নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘মেকাৰ্ছ হাব’ শিল্পী গোষ্ঠীৰ প্ৰদৰ্শনী

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ চিত্ৰকলাৰ পৰা হস্তনিৰ্মিত সামগ্ৰীলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ ‘মেকাৰ্ছ হাব’ৰ উদীয়মান উদ্যমী শিল্পীগোষ্ঠীয়ে নিজে প্ৰস্তুত কৰা সামগ্ৰীৰ সম্ভাৰেৰে গুৱাহাটীত এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১৮, ১৯ আৰু ২০ ডিচেম্বৰত তিনিদিনীয়াকৈ আৰম্ভ হোৱা কলা আৰু হস্তশিল্প প্ৰদৰ্শনী আৰু বিক্ৰীৰ কাৰ্যসূচীৰ দেওবাৰে সমাপ্ত পৰিব।

এই প্ৰদৰ্শনী কাৰ্যথলীত উত্তৰ-পূৰ্বাঞ্চলৰ বহু প্ৰতিভাসম্পন্ন শিল্পীয়ে তেওঁলোকৰ একক সৃষ্টিশৈলী প্ৰদৰ্শন কৰিব। আজি ১৮ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰদৰ্শনীখনত অতিথিৰূপে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ  কুইন ওজা উপস্থিত থাকে। কামৰূপ জিলাৰ উপায়ুক্ত  কৈলাস কাৰ্তিক এন দেৱে শুভ উদ্বোধন কৰে এই প্ৰদৰ্শনীখন। উল্লেখ্য যে মুখ্য কাৰ্যসূচীৰ প্ৰথম দিনা ৰাইজৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি পোৱা দেখা গৈছে।

প্ৰদৰ্শনীত মুঠ ১৫খন বিপণীৰ ব্যৱস্থা কৰা হৈছে। প্ৰদৰ্শনীখন সাফল্যমণ্ডিত কৰি তোলাত অগ্ৰণী ভূমিকা লৈছে সফল শিল্পী তথা সফল মহিলা উদ্যোগী যথাক্ৰমে প্লাৱিতা গগৈ, নুচৰত শইকীয়া, সোণাক্ষি আগৰৱালা আৰু অনিন্দিতা বৰগোহাঁই । লগতে এই প্ৰদৰ্শনীত অংশ লোৱা শিল্পীসকল হৈছে ৰোচনী ডাগা, পৰিস্মিতা গগৈ, চাণ্চৰি বসুমতাৰী, সুস্মিতা পাল, স্মৃতি মহন্ত, পুষ্পাঞ্জলি দত্ত, প্ৰণামী গোহাঁই, মাধুৰিমা পাঠক, গৰিমা পাৰিক, অনুৰাগ শ্ৰীবাস্তৱ, জেচমিন আহমেদ, ঈশানী দাস, প্ৰাৰ্থনা শইকীয়া, গীতাঞ্জলি পাটৰ, আফচানা আখতাৰ, নাদিয়া আহমেদ আৰু এন জি অ’ নৰ্থ ইষ্ট নেটৰ্ৱক।

You might also like