নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজান বান্দৰখাটি হাইস্কুল শিৱিৰৰ ব‍্যক্তি অইল হাস্পতালত মৃত্যু

নিয়মীয়া বাৰ্তা, ২২ জুন: বাঘজান গেছ খাদ-৫ ৰ ঘটনাৰ সংক্ৰান্তত স্থানীয় বান্দৰখাটি হাইস্কুলৰ শিৱিৰত থকা কৃষাণ শুক্লা নামৰ ব‍্যক্তিগৰাকী যোৱা ২০ জুনত মৃত্যু হয় ।

ব‍্যক্তিজনৰ শাৰিৰীক অৱস্থা অৱনতি ঘটাত যোৱা ১৮ জুনত শিৱিৰৰ পৰা দুলীয়াজান অইল ইণ্ডিয়া হাস্পতাললৈ চিকিৎসাৰ বাবে অনা হৈছিল যদিও চিকিৎসালয়তে ব‍্যক্তিজনৰ মৃত্যু ঘটে ।

ব‍্যক্তিজন যক্ষ্মা ৰোগত দীৰ্ঘদিনৰ পৰা আক্ৰান্ত হৈ থকা বিষয়ে জানিবলৈ দিছে হাস্পতালৰ কৰ্তৃপক্ষই ।

You might also like