নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ ছাটাবাৰীস্থিত ফেব্ৰিক প্লাছ উদ্যোগৰ পৰিচালন সঞ্চালকৰ ক’ভিডত মৃত্যু

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ দক্ষিণ কামৰূপৰ ছাটাবাৰীস্থিত ফেব্ৰিক প্লাছ প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক দিলীপ বৰুৱা যোৱানিশা ক’ভিডত আক্ৰান্ত হৈ গুৱাহাটীস্থিত হেল্থ চিটি হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৫ বছৰ ।

ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, ক’ভিডত আক্ৰান্ত হৈ মৃত্যবৰণ কৰা দিলীপ বৰুৱা দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত অ‍ক্ৰান্ত হৈ আছিল । অসমৰ আধুনিক হস্ততাঁত বস্ত্রশিল্পক নতুন দিশেৰে আগবঢ়াই নিয়া দিলীপ বৰুৱাই মৃত্যুৰ সময়ত পত্নী, পুত্ৰ আৰু কন্যাক ইহ সংসাৰত এৰি থৈ যায় । দিলীপ বৰুৱাৰ মৃত্যুত অসমৰ ৰেচম শিল্পত বৃহৎ ক্ষতি সাধন হয় ।

বৰুৱাই ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত কেইবাটাও বঁটা পাবলৈ সক্ষম হৈছে । সঞ্চালকগৰাকীৰ মৃত্যুত ছাটাবাৰীস্থিত ফেব্ৰিক প্লাছ প্ৰাইভেট লিমিটেডৰ সমূহ কৰ্মচাৰীবৃন্দই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায় ।

You might also like