মানাহ ৰাষ্ট্রীয় উদ্যানত গঁড়ৰ আক্রমণত মৃত্যু গর্ভৱতী গঁড়ৰ
নিয়মীয়া বাৰ্তা ২০ মেঃ বিশ্ব ঐতিহ্যক্ষেত্র মানাহ ৰাষ্ট্রীয় উদ্যানত এটা মতা গঁডৰ আক্রমণতেই মৃত্যু হয় এটা গর্ভৱতী গঁড়ৰ৷ প্রাপ্ত তথ্য অনুসৰি, মানাহ ৰাষ্ট্রীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলৰ অন্তর্গত কাঁহিবাৰীত বুধবাৰে এটা মৃত গঁড প্রত্যক্ষ কৰে বন বিভাগৰ লোকে৷ যোৱা এপ্রিলত ইণ্ডিয়ান ৰাইন’ ভিছন আঁচনিৰ অধীনত পবিতৰাৰ পৰা মানাহ ৰাষ্ট্রীয় উদ্যানলৈ স্থানান্তৰ কৰা ২২ নম্বৰ মাইকী গঁডটোৰ মৃতদেহ কাঁহিবাৰীৰ ঘাঁহনিত প্রত্যক্ষ কৰি বন বিষয়াক খবৰ দিয়ে বনকর্মীসকলে৷
পাছত ঘটনাস্থলীত মানাহ ব্যাঘ্র প্রকল্পৰ ক্ষেত্র সঞ্চালক অমল চন্দ্র শর্মা, উপ–ক্ষেত্র সঞ্চালক ৰঘুনাথ বড়ো, বাঁহবাৰী বনাঞ্চলিক বিষয়া বাবুল ব্রহ্ম, ডব্লিউ ডব্লিউ এফৰ বিষয়া ড০ দেৱ কুমাৰ দত্ত, চিকিৎসক প্রভাত বসুমতাৰীৰ লগতে এন জি অ’, বন বিভাগৰ দল উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ মৰণোত্তৰ পৰীক্ষাত গঁডটো গর্ভৱতী আছিল বুলি স্পষ্ট হয়৷
উল্লেখ্য যে পূর্বৰে পৰা আঘাতপ্রাপ্ত গঁডটোক নিশা আক্রমণ চলাইছিল মতা গঁডে৷ ৰাষ্ট্রীয় উদ্যানখনৰ বনাঞ্চলত নতুনকৈ প্রৱেশ কৰা বাবে পুৰণি গঁডৰ আক্রমণত এই গঁডটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰাৰ লগতে কেইবাদিন ধৰি কেইবাটাও মতা গঁডে আক্রমণৰ চেষ্টা চলাই আছিল ২২ নম্বৰ মাইকী গঁডজনীক৷ যাৰ বাবে বনকর্মীসকলে গঁডটোক নিৰীক্ষণতো ৰাখিছিল বুলি জানিবলৈ দিয়াৰ লগতে গঁডটো মানাহৰ বনাঞ্চলত নতুন আছিল বাবেই দিশহাৰা হৈ মতা গঁডৰ আক্রমণৰ বলি হয় বুলিও বন বিষয়া বাবুল ব্রহ্মই জানিবলৈ দিয়ে৷ গঁড়টোৰ মৃত্যুত মানাহ ৰাষ্ট্রীয় উদ্যানৰ বিষয়া–কর্মচাৰী, এনজি’ৰ লগতে ৰাষ্ট্রীয় উদ্যানখনৰ লগত জডিত প্রকৃতিপ্রেমীসকল শোকত ভাগি পৰা পৰিলক্ষিত হয়৷