মানাহ ৰাষ্ট্ৰীয় উদ্যানত সামৰণি পৰিল গ্ৰাম্য পৰ্যটন মেলা
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চ: বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলৰ ড্ৰীমলেণ্ড ৰিজ’ৰ্টত বড়োলেণ্ড পৰ্যটন বিভাগৰ উদ্যোগত ১৮ মাৰ্চৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত গ্ৰাম্য পৰ্যটন মেলাৰ দেওবাৰে নিশা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে সামৰনি পৰে গ্ৰাম্য পৰ্যটন মেলাৰ । গ্ৰাম্য পৰ্যটন মেলাত প্ৰদৰ্শিত হয় অসমীয়া, বড়ো, চান্থালী আৰু বঙালী জনগোষ্ঠীৰ সুকীয়া সুকীয়া খাদ্য সম্ভাৰৰ লগতে বহুকেইটা জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য পৰিবেশন কৰে । ইয়াৰোপৰি কেইবাখনো সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় । পৰ্যটন মেলাত উপস্থিত থাকে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য গৌতম দাস, ধৰ্মনাৰায়ন ডেকা, বড়োলেণ্ড পৰ্যটন বিভাগৰ সঞ্চালক জয়ন্ত শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ।মেলাত অংশগ্ৰহণ কৰি বিটিআৰ প্ৰমোদ বড়োৱে গ্ৰাম্য পৰ্যটন মেলাৰ জৰিয়তে দেশী বিদেশী পৰ্যটকসকলৰ সৈতে গ্ৰাম্যাঞ্চলৰ লোকৰ সম্পৰ্ক গঢ়ি তোলাৰ লগতে পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়নৰ গতি বৃদ্ধি পাব বুলি উল্লেখ কৰে । প্ৰমোদ বড়োৱে লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে মাষ্টাৰপ্লেন তৈয়াৰ কৰা হৈছে । মানাহত অধ্যয়ন আৰু গৱেষনা কেন্দ্ৰ আৰু ক্লিনিক নিৰ্মাণৰ কথা অৱগত কৰে ।
প্ৰেৰক– লৱ কুমাৰ দাস,আনন্দ বজাৰ