নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে মঙলদৈত দেশৰ প্রথম স্কিল ইউনিভার্ছিটীৰ শিলান্যাস

নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ দেশৰ প্রথমখন স্কিল ইউনিভার্ছিটী তথা স্কিল চিটী মঙলদৈত প্রতিষ্ঠাৰ বাবে বিজেপি চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছত আজি বিভাগীয় মুৰব্বীসহ স্থানীয় বিধায়কে পৰিদর্শন কৰে আধাৰশিলা স্থাপন কৰিবলগীয়া এলেকা৷ ৰাজ্যিক দক্ষতা বিকাশ মিছনৰ মিছন সঞ্চালক আনন্দ প্রকাশ তিৱাৰী, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞা, মঙলদৈৰ ৰাজহ চক্র বিষয়া নয়নমণি পাঠক সমন্বিতে দক্ষতা বিকাশ বিভাগৰ কেইবাগৰাকী বিষয়াৰ দলে মঙলদৈ সুন্দৰবডিৰ নির্মাণস্থলী পর্যবেক্ষণ কৰে৷ দলটোৱে স্থানীয় ৰাইজৰ লগত আলোচনা কৰি চৰকাৰী ভূমিৰ পৰা স্থানান্তৰিত পৰিয়ালক উপযুক্ত ভূমিৰ ব্যৱস্থা কৰি দিয়া, যোগ্যতা অনুসৰি সংস্থাপনত প্রাধান্য দিয়া আদি বিষয় অৱগত কৰায়৷ স্থানীয় মহিলা, পুৰুষসকলৰ সহযোগ কামনা কৰি তিৱাৰীয়ে কয়– ‘দেশৰ ক’তো নোহোৱা বিশ্ববিদ্যালয় এখন চৰকাৰে অসমত আনিছে৷ স্থানীয় বিধায়কে আপোনালোকৰ বাবে মঙলদৈত প্রতিষ্ঠাৰ বাবে দিনে–নিশাই কষ্ট কৰি আছে৷ গতিকে, আপোনালোকৰ ভালৰ বাবেহে কৰি আছে৷ সিমানখিনিৰ পিছত আপোনালোকে নিজেই বিবেচনা কৰক৷ উৰা বাতৰিত বিশ্বাস নকৰিব৷ সঁচা কি জানি ল’ব৷’ মিছন সঞ্চালকৰ এনে ভাষ্য শুনি স্থানীয় হিন্দীভাষী মহিলাই তিৱাৰীক হিন্দীতে মূল বিষয়টো বুজাই দিয়ে৷ সেই অনুসৰি, তেওঁলোকে পূর্ণ সহযোগ কৰিব৷ কিন্তু দুই–এক মধ্যভোগীয়ে ধনৰ লোভত মেনেজ কৰাৰ বাবদত ধনৰ কথা উলিয়াই আহিছে৷

পিছলৈ মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে সকলোকে এনে চক্রৰ পৰা সাৱধানে থাকি বিশাল প্রকল্পটোৰ সাফল্যৰ বাবে পূর্বৰ দৰে সহযোগিতা আশা কৰে৷ বিধায়ক আৰু মিছন সঞ্চালকৰ ভাষ্যত সকলো উল্লসিত হৈ পৰে আৰু আগন্তুক দিনত সকলোতে সহযোগ কৰিব বুলি এই প্রতিনিধিৰ সন্মুখত সদৰী কৰে৷ আনকি বিষয়া, বিধায়কৰ দলটোৰ পৰিদর্শনস্থলী পর্যবেক্ষণৰ পিছত জয়ধ্বনিও দিয়ে৷ মন কৰিবলগীয়া যে দৰং জিলা প্রশাসনে মঙলদৈ ৰাজহ চক্রৰ অন্তর্গত ১০০ বিঘা মাটি প্রকল্পটোৰ বাবে আবণ্টন দিছে৷ আন ১০০ বিঘা মাটিৰ সন্ধান কৰি আছে৷ অৱশ্যে হাজাৰ হাজাৰ বিঘা পতিত ভূমিৰে আগুৰা মঙলদৈৰ চাপৰিত সমপৰিমাণৰ ভূমি এই ক্ষেত্রত বিধি অনুযায়ী সংৰক্ষণৰ দিহা কৰি দিছে৷ প্রকল্পস্থলীত এই পর্যন্ত বুলড’জাৰ চলাই ভূমি মুক্ত কৰিব লগা হোৱা নাই৷ বিপৰীতে মঙলদৈৰ স্বার্থত সকলোৱে নিজাববীয়াকৈ ভূমি মোকলাই দিয়াহে পৰিলক্ষিত হৈছে৷ কিন্তু দুই–এক মঙলদৈবিৰোধী নেতাই উচটনি দিয়াৰ বাবে সাধাৰণ হোজা লোকসকল বিপাঙত পৰিছে৷ তথাপি আজিৰ পৰিদর্শনে সকলোকে উৎসাহিত কৰি তুলিছে৷ আগন্তুক ৪ ফেব্রুৱাৰীৰ পৰা ৬ ফেব্রুৱাৰীৰ ভিতৰত ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, শিক্ষা–বিত্ত–স্বাস্থ্য– বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে দক্ষতা বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ উপস্থিতিত প্রায় দুহাজাৰ কোটিটকীয়া প্রকল্পৰ আধাৰশিলা, ভূমি পূজন সম্পন্ন হোৱাৰ আশা আছে৷

You might also like