১২ জনগোষ্ঠীয় ভাষাত গালে সুধাকণ্ঠৰ ‘মানুহে মানুহৰ বাবে’
নিয়মীয়া বার্তা, ৭ নৱেম্বৰ: বিভিন্ন জাতি–জনগোষ্ঠীৰ মিলনভূমিত পৰিণত বিশ্বনাথৰ ধূলি দিৰিং পথাৰত এতিয়া কেৱল সুধাকণ্ঠৰ সুঘ্রাণ৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতি দিৱসত ১২ জনগোষ্ঠীয় ভাষাত গুঞ্জৰি উঠিল ‘মানুহে মানুহৰ বাবে’ শীর্ষক গীতটি৷ অসম গৌৰৱ ড০ ভূপেন হাজৰিকাৰ মৃত্যুতিথি উপলক্ষে বিশ্বনাথৰ অসম–ৰুণাচল সীমান্তত পাভৈ আছুৱে অনুষ্ঠিত কৰি আহিছে বর্ণাঢ্য শ্রদ্ধাঞ্জলি অনুষ্ঠান৷ দুদিনীয়াকৈ আয়োজিত এহ কার্যসূচীত শনিবাৰে দ্বিতীয় দিনটোত প্রতিবছৰে বিশ্বনাথৰ পাভৈ আঞ্চলিক ছাত্র সন্থাই সমন্বয়ৰ দিন ৰূপে পালন কৰি আহিছে৷
এইবাৰ অর্থাৎ দশম বার্ষিক মৃত্যুতিথি উপলক্ষে বিশ্বনাথৰ দিৰিং পথাৰ সমন্বয় ক্ষেত্রত সমন্বয়ৰ দিনৰ লগত সংগতি ৰাখি ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ বিভিন্ন ভাষাত পৰিৱেশন কৰা হয়৷ পাভৈ আঞ্চলিক ছাত্র সন্থাই সকলো জাতি–জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এনাজৰী গঢ়াৰ প্রয়াসেৰে বডো, কার্বি, চাহ জনজাতি, আদিবাসী, উড়িয়া, নেপালী, মুণ্ডা, গাৰো, চাওতালী, পজা, ভোজপুৰী আৰু বাংলা ভাষাত ‘মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে’ শীর্ষক গীতটি পৰিৱেশন কৰে৷ শনিবাৰে দ্বিতীয় দিনৰ কার্যসূচী অনুসৰি আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আদিয়ে বন্তি প্রজ্বলন কৰে আৰু আছুৰ সাংগঠনিক শ্বহীদ অভিজিৎ শহকীয়াৰ প্রতিও শ্রদ্ধা নিবেদন কৰে৷ অনুষ্ঠানটোত বিভিন্ন জাতি–জনগোষ্ঠীৰ সমন্বয়ৰে এক সাংস্কৃতিক শোভাযাত্রা উলিওৱাৰ লগতে অতিথিসকলক আদৰণি জনোৱা হয়৷ ইয়াৰ পাছতে ১২টাকৈ ভাষাত ‘মানুহে মানুহৰ বাবে’ গীতটো পৰিৱেশন কৰা হয়৷ এই বর্ণাঢ়্য অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যসহ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, আটছাৰ কেন্দ্রীয় সভাপতি ধীৰাজ গোৱালা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি ৰাণাপ্রতাপ বৰুৱা, বিভিন্ন জাতি–জনগোষ্ঠীৰ ছাত্র নেতা তথা বিষয়ববীয়াসকল৷ সাতামপুৰুষীয়া সমন্বয় নাশি দুষ্টচক্রই যি সময়ত জাতি–জনগোষ্ঠীসমূহ ভাগ ভাগ কৰিব বিচাৰিছে, তেনে সময়তে সমন্বয়ৰ দিন উদ্যাপন কৰি সকলোকে একতাৰ এনাজৰীৰে বান্ধিব খোজা বিশ্বনাথৰ পাভৈ আঞ্চলিক ছাত্র সন্থাৰ বলিষ্ঠ পদক্ষেপক শলাগ লৈছে আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যহ৷ পাভৈ আঞ্চলিক ছাত্র সন্থা আছুৰ লাহখুঁটাসদৃশ বুলি অভিহিত কৰি আছুৰ উপদেষ্টা ড০ ভট্টাচার্যহ আজি বিশ্বনাথৰ পাভৈ দিৰিং পথাৰত ড০ ভূপেন হাজৰিকাৰ মৃত্যুদিৱসৰ লগত আয়োজিত সমন্বয় দিৱসৰ ব্যতিক্রমী অনুষ্ঠানত ৰাইজে অনুষ্ঠান পাতি সমন্বয়ৰ বার্তা বিলাহছে বুলিও প্রকাশ কৰে৷
ড০ ভট্টচার্যহ আনকি এতিয়া বিভাজনৰ ৰাজনীতি চলিছে, অপশক্তিয়ে জাত–পাতৰ ৰাজনীতি কৰি ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ তুলি কয়– আজি হয়াৰ পৰাই বিভাজনকাৰীসকলক কৈছেছা তোমালোকে নোৱাৰিবা৷ আমি একেলগে আছিলোঁ, আছেছা, একেলগে আগবাঢ়ি যাম৷ ভূপেনদাৰ চিন্তাক পাভৈ অঞ্চলৰ ৰাহজে হাতে–কামে কৰি দেখুৱাহছে৷ ৰাজনীতিয়ে সমাজ ভাগে, সংস্কৃতিয়ে সমাজ গঢ়ে৷ আজিৰ অনুষ্ঠানত অংশগ্রহণ কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাহ বৃহত্তৰ পাভৈ ধূলি অঞ্চলত এখন মহাবিদ্যালয়, দিৰিং পথাৰ হাহসুকলক উচ্চতৰ মাধ্যমিক পর্যায়লৈ উন্নীত কৰাৰ বাবে চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিব বুলি সভাত মন্তব্য কৰে৷ এই অনুষ্ঠানত গোলাম ৰছুলৰ সম্পাদনাত প্রকাশিত ‘বিস্তীর্ণ পাৰৰে’ শীর্ষক স্মৃতিগ্রন্থখন উন্মোচন কৰে আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যহ৷