নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গা পূজাৰ বতৰত দুর্ঘটনাৰ উজান

বিশেষ বাৰ্তা, ২৬ অক্টোবৰঃ দুর্গোৎসৱৰ আনন্দ–উল্লাসৰ মাজতে সংঘটিত হ’ল কেইবাটাও দুর্ঘটনা৷ ষষ্ঠীৰ পৰা দশমীৰ দিনালৈ ৰাজ্যৰ ভিন্ন প্রান্তত মুঠ ৭৬৯টা দুর্ঘটনা সংঘটিত হয়৷ এই তথ্য সদৰী কৰিছে ১০৮ জৰুৰীকালীন সেৱাই৷ তেওঁলোকে প্রকাশ কৰা অনুসৰি যোৱা ২০ অক্টোবৰত ১০৫টা, ২১ অক্টোবৰত ১৩৩টা, ২২ অক্টোবৰত ১৮৯টা, ২৩ অক্টোবৰত ১৭৬টা আৰু ২৪ অক্টোবৰত ১৬৬টা দুর্ঘটনা সংঘটিত হৈছে৷ এই দুর্ঘটনাসমূহত শিশু–মহিলাসহ বহুসংখ্যক লোক হতাহত হৈছে৷ অৱশ্যে পৰিসংখ্যা কেৱল ১০৮ সেৱাৰ এম্বুলেঞ্চেৰে দুর্ঘটনাত পতিত ৰোগীক চিকিৎসালয়লৈ নিয়াৰ সংখ্যাহে৷ সেয়েহে দুর্গাপূজাৰ সময়ছোৱাত ৰাজ্যত সংঘটিত দুর্ঘটনাৰ প্রকৃত সংখ্যা ইয়াতকৈও অধিক বুলি আশংকা কৰা হৈছে৷ ১০৮ জৰুৰীকালীন সেৱাৰ সূত্রই সদৰী কৰা অনুসৰি মদ্যপান তথা অত্যধিক গতিবেগেই অধিকাংশ দুর্ঘটনাৰ মূল কাৰণ৷ লক্ষণীয় যে উৎসৱৰ সময়ছোৱাত সুৰাপান কৰি একাংশ উদণ্ড যুৱক–যুৱতীয়ে ৰাজপথত প্রচণ্ড বেগেৰে বাহন চলোৱাৰ ফলত দুর্ঘটনা সংঘটিত হৈ আহিছে৷ অৱশ্যে গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষ অচ্যুত বৈশ্যই বিগত বর্ষৰ তুলনাত পূজাৰ সময়ছোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অহা দুর্ঘটনাত পতিত ৰোগীৰ সংখ্যা কম বুলি সদৰী কৰিছে৷ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ প্রকাশ কৰা অনুসৰি ষষ্ঠীৰ পৰা দশমীলৈ হাস্পতালখনৰ জৰুৰীকালীন বিভাগত মুঠ ২৮২জন দুর্ঘটনাত পতিত ৰোগীক চিকিৎসা প্রদান কৰা হৈছে৷ ইয়াৰ বিপৰীতে ২০২২ বর্ষত এই সংখ্যা আছিল ৩২৯টা৷ তেওঁ প্রকাশ কৰা অনুসৰি সপ্তমীৰ দিনা জৰুৰীকালীন বিভাগত ভর্তি হোৱা ৩৬০গৰাকী ৰোগীৰ ৫২গৰাকীহে দুর্ঘটনাত পতিত হৈছিল৷ আনহাতে অষ্টমীৰ দিনা ৩৫৬জন ৰোগীৰ ভিতৰত ৬৪জন, নৱমীৰ দিনা ৩৪১জন ৰোগীৰ ভিতৰত ৮০জন আৰু দশমীৰ দিনা ৪৬৫জন ৰোগীৰ ভিতৰত ৮৬জন দুর্ঘটনাত পতিত হৈ হাস্পতালখনলৈ চিকিৎসাৰ বাবে অহা বুলি তেওঁ সদৰী কৰে৷ অধ্যক্ষ বৈশ্যই প্রকাশ কৰা অনুসৰি চিকিৎসাৰ বাবে অহা ৰোগীসকলৰ অৱস্থা অত্যন্ত সংকটজনক নাছিল৷ অর্থাৎ হাস্পতাললৈ অহাৰ লগে লগে আইচিইউত ভর্তি কৰিবলগীয়া দুর্ঘটনাত পতিত ৰোগী এইবাৰ নাছিল বুলি তেওঁ সদৰী কৰে৷ বিগত বর্ষৰ তুলনাত এই বছৰ দুর্ঘটনাত পতিত লোকৰ সংখ্যা চিকিৎসাৰ বাবে হাস্পতালখনলৈ কমকৈ অহাটো সুখবৰ বুলিও বৈশ্যই কয়৷ আৰক্ষীৰ নীতি–নির্দেশনা আৰু শৃংখলা মানি চলাৰ বাবে দুর্ঘটনাৰ সংখ্যা হ্রাস পোৱা বুলিও তেওঁ কয়৷

#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক

You might also like