নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ অৱহেলা : বৰহোলাৰ এখন বীজপামত নষ্ট হৈছে বহু কুইণ্টল উৎপাদিত ধানৰ বীজ

নিয়মীয়া বাৰ্তা,  ১ জুনঃ অসম চৰকাৰৰ বীজ নিগমৰ চূড়ান্ত অৱহেলাৰ বাবে ক্ৰমাৎ ধ্বংসৰ মুখলৈ গতি কৰিছে যোৰহাট জিলাৰ বৰহোলাৰ চেৰেলীপথাৰ বীজপাম। বীজপামখনৰ বৃহৎ ভঁৰাল ঘৰটো এবছৰ পূৰ্বে ক্ষতিগ্ৰস্ত হৈছিল ধুমুহাত। কিন্তু বিগত এটা বছৰে ভঁৰাল গৃহটোৰ মেৰামতি কৰাত সংশ্লিষ্ট কৰ্তৃপক্ষই তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। ধুমুহাই টিনপাত উৰুৱাই নিয়াত এতিয়া বৰষুণ দিলেই ভঁৰাল ঘৰটোৰ ভিতৰত পানী সোমাই এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়। ভঁৰালটোৰ পকী ৱালসমূহ বৰষুণৰ পানী পৰি ক্ৰমাৎ নষ্ট হ’বলৈ ধৰাৰ লগতে পকী মজিয়াতো ফাট মেলা দেখা গৈছে।

ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবেই ভঁৰালটোৰ মজিয়াখন য’তে ত’তে ফাট মেলাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। উল্লেখ্য যে চলিত বৰ্ষত ২১৬ কুইণ্টল ৬০ কেজি ধানৰ বীজ উৎপাদন হৈছে বীজপামখনত। এইসমূহ হৈছে ৰঞ্জিত চাব -১ আৰু বাহাদুৰ চাব- ১ ধানৰ বীজ। বানপানী অঞ্চলৰ খেতি পথাৰৰ বাবে অত্যন্ত উপযোগী আৰু অধিক উৎপাদনক্ষম এই বীজসমূহ। কিন্তু ভঁৰালগৃহটোৰ টিং নথকা অংশৰে ধাৰাষাৰ বৰষুণৰ পানী সোমাই এতিয়ালৈকে বহু কুইণ্টল ধানৰ বীজ নষ্ট হৈছে বুলি বীজপামখনত কৰ্মৰত এজন কৰ্মচাৰীয়ে জানিবলৈ দিছে। ইফালে বীজপামখনৰ চৌহদৰ বেৰা নথকাৰ বাবে খেতিৰ সময়ত উদঙীয়া গৰু-ছাগলীয়ে ব্যাপক সমস্যা সৃষ্টি কৰাৰ অভিযোগ উঠিছে। বীজপামখনৰ চকু দিবলৈ অসম চৰকাৰৰ কৃষি বিভাগক অহ্বান জনাইছে স্থানীয় ৰাইজে।

You might also like