মৰিয়নিত আন্তৰ্জাতিক নাৰী দিৱস পালন
নিয়মীয়া বাৰ্তাঃ ৮ মাৰ্চঃ অসম চাহ জনজাতি মহিলা সমিতি চমুকৈ ‘আটুৱা’ৰ মৰিয়নি শাখাৰ উদ্যোগত ইয়াৰ চাহ জনজাতি ছাত্ৰাৱাসত আজি দিনজোৰা কাৰ্য্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় । পুৱা এই উপলক্ষ্যে পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্য্যসূচী মুকলি কৰে ‘আটুৱা’ মৰিয়নি শাখাৰ সভানেত্ৰী উষা কুৰ্মীয়ে । স্মৃতি তৰ্পন কৰে সম্পাদিকা মন্দিৰা চবৰ গঞ্জুৱে । ইয়াৰ পিছতেই অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ‘আটুৱা’ৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা জ্যোতি কুশল দাসে বক্তব্য প্ৰদান কৰি সমাজৰ উন্নয়নৰ হকে মহিলাসকল আগবাঢ়ি আহিব লাগিব বুলি মন্তব্য কৰে । সভাত আটছাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য মংগল গৰাইট, আটছাৰ মৰিয়নি শাখাৰ সাধাৰণ সম্পাদক দীনেশ চাহু, আটছা নেতা দীপক তাঁতী, নৰেন তাঁতী আদি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । এই সভাতেই ইতিমধ্যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উতীৰ্ণ হোৱা মৰিয়নি অঞ্চলৰ চাহ বাগিচাৰ দুই মেধাৱী সন্তান ক্ৰমে মছি ট’প্ন’ৰ মাতৃ জয়ন্তী ট’প্ন’ আৰু হৰিচৰণ ভূমিজৰ মাতৃ লক্ষী ভূমিজক সম্বৰ্ধনা জনোৱা হয় ।
দিব্যজ্যোতি শইকীয়া