মৰিয়নিত নাৰী সবলীকৰণ-দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ নতুন গৃহ উদ্বোধন
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ মৰিয়নিৰ সমীপৰ বাহনী চাহ বাগিচাৰ সৌজন্যত তথা স্নেহপদ আৰু যোৰহাট জনশিক্ষন সংস্থাৰ উদ্যোগত নাৰী সৱলীকৰণ আৰু দক্ষতা বিকাশৰ বাবে বাহনী বাগিচাত নিৰ্মাণ কৰা এটি স্থায়ী পকী গৃহ আজি উদ্বোধন কৰা হয় । নাৰীৰ দক্ষতা বিকাশৰ এই পকী গৃহটি বাহনী চাহ বাগিচা কৰ্তৃপক্ষই নিৰ্মাণ কৰি দিছে । তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়া নৱনীতা শৰ্মা আৰু বাঘচোং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৃতিকা শৰ্মাই এই নতুন গৃহটিৰ ফিট কাটি উদ্বোধন কৰে । এই উপলক্ষ্যে অনুষ্ঠিত চমু অনুষ্ঠানত দুয়োগৰাকী উদ্বোধকে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত এই গৃহটোৱে বৃহত্তৰ অঞ্চলটোৰ যুৱতী আৰু মহিলাসকলক বিশেষভাৱে উপকৃত হোৱাৰ লগতে উচ্চ প্ৰশিক্ষণৰ দ্বাৰা স্ব-নিয়োজনৰ ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে । আনহাতে, স্নেহপদৰ সচিব প্ৰকাশ ঠাকুৰে সম্ভাব্য প্ৰশিক্ষণ সমূহৰ বিষয়ে উল্লেখ কৰে । বাহনী চাহ বাগিচাৰ পৰিচালক মনোজ বৰগোঁহাই আৰু যুৱ সমাজকৰ্মী বিমান কাৰ্দঙে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকি তিতাবৰ মহকুমাৰ শ্ৰম পৰিদৰ্শক ৰিমঝিম গগৈ, কুশল কোঁৱৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমনি ফুকনে মহিলাসকলৰ প্ৰশিক্ষণৰ বাবে এটি পকী গৃহ নিৰ্মাণ কৰি দি বাহনী চাহ বাগিচা কৰ্তৃপক্ষই সামাজিক দায়বদ্ধতাৰ পৰিচয় ডাঙি ধৰা বুলি উল্লেখ কৰি ইয়াৰ পৰা বৃহত্তৰ অঞ্চলটোৰ মহিলা আৰু যুৱতীসকল বিশেষভাৱে উপকৃত হ’ব বুলি মন্তব্য কৰে । অনুষ্ঠানটোত বাহনী চাহ কোম্পানীৰ সঞ্চালক সমীৰেন্দ্ৰ নাথ ফুকন, প্ৰাক্তন সঞ্চালক সূৰ্যনাৰায়ন ফুকন, যোৰহাট জনশিক্ষন সংস্থাৰ জ্যোতি প্ৰসাদ কলিতা, অসম চাহ মজদুৰ সংঘৰ সংগঠক অনিল ৰজক আদি বিশিষ্ট ব্যক্তিসকলে বক্তব্য প্ৰদান কৰি নাৰী সৱলীকৰণৰ সম্পৰ্কে উল্লেখ কৰে । হস্তশিল্পী নয়নমনি বৰা, উত্তৰ-পূৰ ক্ষুদ্ৰ বিত্তীয় বেংকৰ শাখা পৰিচালকো এই অনুষ্ঠানত উপস্থিত থাকে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া