মৰিগাঁৱৰ বাৰপুজিয়াত জিলা সাহিত্য সভাৰ শিল্পী দিৱস উদযাপন
নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ মৰিগাঁও জিলা সাহিত্য সভাই বাৰপূজীয়া শাখা সাহিত্য সভাৰ সহযোগত ১৭ আৰু ১৮ জানুৱাৰী ২০২১ তাৰিখে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে বাৰপূজীয়া দৌল মন্দপ প্ৰাঙ্গনত শিল্পী দিৱস উদযাপন কৰে।প্ৰথম দিনা ১৭ জানুৱাৰী ২০২১ তাৰিখে পুৱা ৮-৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য শ্ৰী মহেন্দ্ৰ শইকীয়াই, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে বাৰপূজীয়া শাখা সাহিত্য সভাৰ সভাপতি শ্ৰী মুহিত চন্দ্ৰ ডেকাই আৰু বন্তি প্ৰজ্বলন কৰে জিলা সম্পাদক শ্ৰী পিনাকী ভূষণ মহন্তই। দ্বিতীয় দিনাৰ মুকলি সভাৰ কাৰ্যসূচীত সভাপতিত্ব কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি শ্ৰী প্ৰতাপ হাজৰিকাই, উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক শ্ৰী পিনাকী ভূষণ মহন্তই।
বাৰপূজীয়া শাখা সাহিত্য সভাৰ সম্পাদক শ্ৰী হেমন্ত কুমাৰ নাথে আঁত ধৰা মুকলি সভাত তিৱা স্বায়ত্ব পৰিষদৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য শ্ৰী জীৱন চন্দ্ৰ কোঁৱৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰু বিশিষ্ট অতিথি হিচাপে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰী হৰেন্দ্ৰ বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক শ্ৰী মহেন্দ্ৰ শইকীয়া, তিৱা মাথান লাই তখ্ৰাৰ সাধাৰণ সম্পাদক ড° বিদ্যুৎ বিকাশ সেনাপতি উপস্থিত থাকি শিল্পী দিৱসৰ উদ্দেশ্য – তাৎপৰ্য ব্যাখ্যা কৰে। শিল্পী দিৱসৰ লগত সংগতি ৰাখি শ্ৰী অৰুণ চন্দ্ৰ বৰদলৈৰ গল্প পুথি ‘পুষ্পাঞ্জলি’ আৰু শ্ৰী অৰবিন্দ ডেকাৰ কাব্য গ্ৰন্থ ‘গীতি কবিতা গীত প্ৰৱাহ’ উন্মোচন কৰাৰ লগতে স্থানীয় শিল্পী – সাহিত্যিক যথাক্ৰমে শ্ৰী তুকেশ্বৰ সেনাপতি, শ্ৰী যুবত ডেকা, গোপেশ্বৰ শইকীয়া আৰু ড° সুনীল কুমাৰ গোস্বামীক মৰিগাঁও জিলা সাহিত্য সভাই সম্বৰ্দ্ধনা জ্ঞাপন কৰে। মুকলি সভাৰ অন্তত বাৰপূজীয়া শাখা সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ সভাপতি শ্ৰী বিমল ডেকাৰ পৰিচালনাত স্থানীয় আৰু আমন্ত্ৰিত শিল্পী সকলে জ্যোতি সংগীত আৰু জ্যোতি নৃত্য পৰিৱেশনৰে ৰূপান্তৰৰ শিল্পী গৰাকীক স্মৰণ কৰে। সন্ধিয়া জিলা কাৰ্যনিৰ্বাহকৰ সদস্য শ্ৰী কেশৱ চন্দ্ৰ লাহন আৰু শাখা সভাৰ উপ-সভাপতি ডা° প্ৰদীপ কুমাৰ ডেকাৰ বন্তি প্ৰজ্বলনেৰে দুদিনীয়া কেন্দ্ৰীয় শিল্পী দিৱসৰ অন্ত পৰে।