মৰিগাঁও জিলা পৰিষদৰ মীন বিভাগৰ কোটি টকাৰ কেলেংকাৰী
মৰিগাঁও জিলা পৰিসদৰ কংগ্ৰেছী সভানেত্ৰী মজবোন নাহাৰৰ বিৰুদ্ধে অনাস্থা দাখিল কৰিলে 12 গৰাকী জিলা পৰিষদ সদস্যই
নিয়মীয়া বাৰ্তা, ১৫ জুনঃ মৰিগাঁও জিলা পৰিষদ ৰ সভানেত্ৰী তথা কংগ্ৰেছ নেত্ৰী মজবোন নাহাৰৰ দিনত সংঘটিত হৈছে মীন আঁচনি ৰূপায়ণৰ নামত কোটিটকীয়া কেলেংকাৰী। কংগ্ৰেছী নেত্ৰী গৰাকীৰ বিৰুদ্ধে এই অভিযোগ স্বয়ং কংগ্ৰেছ দলৰ একাংশ জিলা পৰিষদ সদস্যৰ ।
তাৰেই ফলশ্ৰুতিত আজি মৰিগাঁও জিলা পৰিষদ ১২ গৰাকী নিৰ্বাচিত সদস্যই আজি মৰিগাঁও জিলাৰ উপায়ুক্তৰ হাতত সভানেত্ৰী মজবোন নাহাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰে। উল্লেখ্য অনাস্থা দাখিল কৰা সকলৰ ভিতৰত ৫ গৰাকী বিজেপি ৰ আৰু ৭ গৰাকী কংগ্ৰেছ ৰ নিৰ্বাচিত সদস্য। ।
অনাস্থা দাখিল কৰা সদস্যএকাংশৰ অভিযোগ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱা মৰিগাঁও জিলা পৰিষদ সভানেত্ৰী গৰাকীয়ে হকে বিহকে কোনো এগৰাকী সদস্য অৱগত নকৰাকৈ প্রায় কোটি টকা মীন আঁচনিৰ বাবে খৰচ কৰিছে। উক্ত ক্ষেত্ৰত সম্পূৰ্ণ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিদ্ৰোহী সদস্য সকলে।
আজি অনাস্থা দাখিল কৰা সদস্য সকল ক্ৰমে ইচমে আৰা বেগম, পবিত্ৰ বৰা , আবিদা বেগম,আব্দুল্লা বাহাৰ, মনিশা বৰদলৈ,স্বামীম হাছান, অসমী পাতৰ, মাধুৰীমা গোস্বামী, পল্লৱ কুমাৰ বৰদলৈ, প্ৰেমাক্ষী দাস আদি।