কুকুৰমাৰা দলঙৰ দুয়োমুৰে অবৈধ ভাবে দিয়া মাছ বজাৰে হঠাৎ মাতিব বিপদ
নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট : দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ দলঙৰ দুয়োমুৰে বহা মাছ বজাৰে হঠাতে কেতিয়াবা বিপদ যে মাতিব সেইটো নিশ্চিত । উল্লেখ্য যে ভাৰতৰ প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডীয়ে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লক ডাউন দিয়াৰ কিছু দিন পিছৰে পৰা কুকুৰমাৰা দলঙৰ দুয়োমুৰে বহু লোকে মাছ বিক্ৰী কৰাৰ উপৰিও একাংশ লোকে পাচলি বিক্ৰী কৰি আহিছে । বহু দুৰ দুৰণিৰ পৰা অহা লোকে মাছ আৰু পাচলি ক্ৰয় কৰিবলৈ ৰাস্তাৰ দাতিতে চাৰি চকীয়া আৰু মটৰ চাইকেল সমূহ ৰখাই থয় ।
ইতিমধ্যে কুকুৰমাৰা দলঙত অাগতে বহু বাৰ দুৰ্ঘটনা সংঘটিত হৈছে । যদিহে হঠাৎ কেতিয়াবা দুৰ্ঘটনা সংঘটিত হয় তেতিয়া হলে পৰিস্হিতি ভয়াবহ হব সেইটো নিশ্চিত । এই লোক সকলে কোনো ধৰণৰ প্ৰশাসনৰ অনুমতি নোহোৱাকৈ এনেদৰে ব্যৱসায় চলাই আহিছে । উল্লেখ্য যে সাপ্তাহিক লকডাউন থকাৰ পিছতো একাংশ লোকে দুয়োমুৰে মাছ আৰু পাচলীৰ দোকান দিয়ে । এই ক্ষেত্ৰত প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বুলি অভিযোগ উত্থাপন হৈছে । কুকুৰমাৰা দলংৰ দুয়োমুৰে মাছ বজাৰ কৰাক লৈ চছিয়েল মিডিয়াত প্ৰশাসনক একাংশ লোকে ক্ষুৰধাৰ সমালোচনা কৰিছে । দলঙৰ দুয়োমুৰে বহা মাছ বজাৰে কেতিয়াবা যে হঠাৎ যে বিপদ মাতিব তাক লৈ চছিয়েল মিডিয়াত পোষ্ট কৰাৰ লগতে প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাক কথোৰ ভাষাৰে সমালোচনা কৰিছে । এই ক্ষেত্ৰত প্ৰশাসনে কি ভুমিকা গ্ৰহণ কৰে সেয়া সময়তহে হব লক্ষণীয় ।