নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাত উৎখাত ভুৱা মার্কশ্বীট চার্টিফিকেট চক্র

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ বাক্সা আৰক্ষীয়ে চলোৱা এক অভিযানত দীর্ঘদিন ধৰি ভুৱা মার্কশ্বীট–চার্টিফিকে প্রস্তুত কৰি ক’লা বজাৰত বিক্রী কৰি অহা এটা চক্র গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে উদ্ধাৰ কৰে বহু আপত্তিজনক নথি–পত্র৷ প্রাপ্ত খবৰ অনুসৰি কালি বাক্সা জিলাৰ শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত চলা অভিযানত বাক্সাৰ শিমলাগুৰিৰ পৰা উছমান গনি মণ্ডলৰ পুত্র আমিৰ হুছেইন মণ্ডল (৩২)ক হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ বহু পৰিমাণৰ ভুৱা মার্কশ্বীট, এডমিট আৰু চার্টিফিকেটসহ গ্রেপ্তাৰ কৰে৷

তাৰ পিছতে ধৃত যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশাই অভিযান চলাই মাণিকপুৰ আৰক্ষী থানাৰ অন্তর্গত পাতিলাদহাৰ এটা কম্পিউটাৰ চেণ্টাৰৰ পৰা হাকিম উদ্দিনৰ পুত্র লালচান আলী (২১) নামৰ আন এজন যুৱকক গ্রেপ্তাৰ কৰে৷ যুৱকজনৰ সৈতে এই দুষ্কার্যত ব্যৱহূত লেপটপ আৰু প্রিণ্টাৰৰ সৈতে বহু পৰিমাণৰ ভুৱা নথি–পত্র জব্দ কৰে আৰক্ষীৰ দলটোৱে৷

উল্লেখ্য যে দুষ্ট চক্রটোৱে পানকার্ড, ভোটাৰ কার্ড আদি বনাবলৈ দিয়া ব্যক্তিৰ পৰা কৌশলেৰে নথি–পত্র সংগ্রহ কৰি সেই নথি–পত্রৰ সহায়ত এনেবোৰ দুষ্কার্য সংঘটিত কৰি অহা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ আজি বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তর্গত গোৱর্ধনা আৰক্ষীয়ে যুৱক দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷

You might also like