নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহিতাক পলুৱাই নিবলৈ আহি মঙলদৈ জে’লত সোমাল মানকাচৰৰ ছামিদুল

উজনি–নামনিৰ সর্বত্র তৎপৰ লাভ জেহাদী

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ  দৰঙৰ ৰঙামাটিৰ এগৰাকী বিবাহিত মহিলাক হিন্দুৰ পৰিচয় দি পলুৱাই নিবলৈ আহি আজি ৰঙাঘৰত সোমাল মানকাচৰৰ ছামিদুল আখতাৰ৷ বুধবাৰে পৰা ভিন্ন পৰিচয় দি এখন নাটক কৰি অহা ছামিদুলক বৃহস্পতিবাৰে মহিলাগৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিতেই আদালতে গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰে৷ লক্ষণীয় যে ৰঙামাটিৰ এগৰাকী বিবাহিত মহিলাক কালি নিশাৰ ভাগত ছামিদুলে পলুৱাই নিবলৈ আহেহাতে স্থানীয় ৰাইজে খেদি গৈ আউলাচৌকাত কৰায়ত্ত কৰে৷ নিশা আউলাচৌকাত গধূলি বজাৰ কৰিবলৈ অহা একাংশ লোকে যুৱকজনৰ কর্মৰ বাবে প্রহাৰ কৰে৷ কেৱল যুৱকজনকেই নহয়, মহিলাগৰাকীকো দিয়ে উত্তম–মধ্যম৷ স্থানীয় ৰাইজে যুৱকজনক এখন দোকানত আবদ্ধ কৰি থয় আৰু আৰক্ষীক খবৰ দিয়ে৷ পিছলৈ মঙলদৈ থানালৈ লৈ যোৱা হয়৷ থানা পায়েই ২ পলৰীয়াই ভাষ্য সলনি কৰে আৰু নিজকে নির্দোষী সজাবলৈ চেষ্টা কৰে৷ কিন্তু আজি পুৱাহে সত্য পোহৰলৈ আহে৷ অচিন কাঠত থোৰা লগোৱা মহিলাগৰাকীৰ পৰিয়ালৰ হুচ ঘূৰি আহে আৰু দাখিল কৰে এজাহাৰ৷ লগে লগে মঙলদৈ থানাত এটা গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰোৱা হয় আৰু নাৰী অপহৰণ, মুছলিম হৈও হিন্দুৰ ভুৱা পৰিচয় দি প্রতাৰণা কৰা আদি ধাৰাত ধুবুৰীৰ মানকাচৰৰ হাজেৰা চৰৰ ছামিদুল আখতাৰক ন্যায়িক জিম্মালৈ আদালতে প্রেৰণ কৰে৷

You might also like