চামগুৰিৰ বৰমাবিলৰ হত্যাকাণ্ড, সাতজন হত্যাকাৰীক জে’ল-হাজোতলৈ প্ৰেৰণ
নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ মোৱামাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰমাবিলত হাঁহে খেতি নষ্ট কৰাক কেন্দ্ৰ কৰি সংঘটিত হোৱা হত্যাকাণ্ডৰ লগত জড়িত সাতজন লোকক আৰক্ষীয়ে আটক কৰি আজি জেল-হাজোতলৈ প্ৰেৰণ কৰিছে ৷
জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ অধীনৰ মোৱামাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰমাবিল অঞ্চলত যোৱা ১১ তাৰিখে আচৱ আলী (৪০) নামৰ লোকজনৰ পথাৰৰ খেতি একে গাঁৱৰ চুলতান আলী নামৰ লোকজনৰ ঘৰৰ পোহনীয়া হাঁহে নষ্ট কৰাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷
পৰৱৰ্তী সময়ত চুলতান আলীসহ পৰিয়ালৰ লোকে আচৱ আলী নামৰ লোকজনক মাৰধৰ কৰি গুৰুতৰভাৱে আহত কৰে ৷ পাছত আচৱ আলীক পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।
কিন্তু যোৱা ১৪ তাৰিখে চিকিৎসাধীন অৱস্থাত আচৱ আলীৰ মৃত্যু হয় ৷ আনহাতে মোৱামাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে কালি উক্ত হত্যাকাণ্ডৰ লগত জড়িত বৰমাবিলৰ নিৱাসী ক্ৰমে চুলতান আলী (৪০), নৰজুল ইছলাম (২৭), আমানউল্লা (২৬), ফজলুৰ ইছলাম (২৩), মুক্ৰাৰউদ্দিন (২৬), চাদ্দাম হুছেইন (২৩) আৰু মকবুল হুছেইন (২৭) নামৰ লোকেইজনক কালি আটক কৰি আজি আদালতত হাজিৰ কৰাই জেল-হাজোতলৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।