নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত দিচাং নদীৰ ব্যাপক খহনীয়া

  • প্ৰতিৰোধৰ দাবী নদী কাষৰীয়া ৰাইজৰ
নিয়মীয়া বাৰ্তা, ৯ মে’:চৰাইদেউ জিলাৰ মাজেৰে বৈ যোৱা দিচাং নদীয়ে দীর্ঘদিন ধৰি বিভিন্ন ঠাইত ব্যাপক খহনীয়াৰ সৃষ্টি কৰি আহিছে যদিও চৰকাৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ শংকিত হৈ পৰিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পৰা বৈ আহি চৰাইদেউ জিলাত প্ৰৱেশ কৰা খৰস্ৰোতা নদীখনে জিলাখনৰ অন্তৰ্গত বৃহত্তৰ বৰহাট, সাপেখাতী, ভজো, বৰাহী, চেঙেলীমৰা, জাপিধৰা, হেলকাটোপ, দিচাংপানী, নঙলামৰা, লাকুৱা আদি অঞ্চলত ব্যাপক খহনীয়াৰ সৃষ্টি কৰা সন্দৰ্ভত বাতৰি প্ৰকাশ পাই অহাৰ পিছতো চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। জিলাখনৰ অন্তৰ্গত সোণাৰি আৰু মাহমৰা বিধান সভা সমষ্টিৰ সীমা হিচাপে বিবেচিত হৈ অহা নদীখনৰ বিভিন্ন ঠাইত সৃষ্টি হোৱা প্ৰবল খহনীয়াৰ কবলত পৰি বহু পৰিয়ালে ইতিমধ্যে নিজৰ মাটি-ভেটি হেৰুৱাইছে। দিচাং নদীয়ে সৃষ্টি কৰা খহনীয়াৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন দল-সংগঠনে মন্ত্রী যোগেন মহন, স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সাংসদ তপন কুমাৰ গগৈক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে আন্দোলনৰ কাৰ্যসূচী পালন কৰিছে যদিও এই পর্যন্ত চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নদী কাষৰীয়া ৰাইজে । বিগত ৩, ৪ বছৰত জিলা খনৰ কিছু কিছু ঠাইত ব্যাপক ৰূপ ধাৰণ কৰা খহনীয়া প্ৰতিৰোধ কৰাৰ নামত সংশ্লিষ্ট বিভাগে কেৱল বাঁহৰ খুঁটা আদি মাৰিয়ে দায়িত্ব সামৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ জিলাখনৰ সোণাৰি সমষ্টিৰ চফ্ৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত হেলকাটোপ গুজিবিল, নগাঁও আৰু বৰাহী গাঁৱত দিচাং নদীয়ে খহনীয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ইয়াক লৈ অঞ্চলটোৰ নদী কাষৰীয়া ৰাইজৰ মাজত ব্যাপক শংকাৰ সৃষ্টি হৈছে। মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল অঞ্চলটোত নদীখনে সৃষ্টি কৰা খহনীয়াৰ ফলত প্রায় ৪০টা পৰিয়ালে নিজৰ মাটি-ভেটি হেৰুৱাই অন্য স্থানলৈ স্থানান্তৰ হ’ব লগা হৈছে। তদুপৰি দিচাং নদীৰ ওপৰত ভজো সৰু দিচাংপানীত থকা দুয়োখন দলঙৰ দুয়োটা মূৰ নৈৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে। যিকোনো মুহূর্ততে দুয়োখন দলং নদীৰ বুকুত জাহ যোৱাৰ আশংকা প্রকাশ কৰিছে অঞ্চলটোৰ ৰাইজে। ভয়াৱহ বিপদ নামি অহাৰ পূৰ্বে দলং দুখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক জিলাখনৰ ৰাইজে আহ্বান জনাইছে।
You might also like