যোৰহাটত সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনীৰ ৰাজহুৱা সভা
নিয়মীয়া বাৰ্তা,১৩ ডিচেম্বৰ : ১৯০৫ চনতে আৰম্ভ হোৱা অসমৰ প্ৰথম জাতীয় অনুস্থান কৈৱৰ্ত্ত সন্মিলনীৰ আজি যোৰহাটৰ তাৰকা গৃহৰ প্ৰেক্ষাগৃহত অনুস্থিত হয় সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনীৰ ৰাজহুৱা সভা ।কৈৱৰ্ত্ত একত্ৰীকৰণ মঞ্চৰ উদ্যোগত আয়োজন কৰা উক্ত সন্মিলনীত ব্ৰহ্মপুত্ৰ উপ্যতকাৰ আটাইকেইখন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰে।
ইফালে দুলিয়াজানত অনুস্থিত হব লগা কেন্দ্ৰীয় সমিতিৰ অধিৱেশনৰ বাবে এখন তদৰ্থ সমিতি গঠন কৰাৰ লগতেই ১৯২৬ চনৰ কাৰ্যবিৱৰণী সন্দৰ্ভত তৃতীয়খন আলোচনা তথা প্ৰস্তাৱিত দুলীয়াজান অধিবেশন সন্দৰ্ভত বিশেষ আলোচনাও কৰা হয়।